ETV Bharat / state

Amsoi gaon Panchayat Scam : PMAY ৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ কথা স্বীকাৰ কৰিলে পঞ্চায়ত সদস্যই

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 1:06 PM IST

Updated : Oct 1, 2023, 1:17 PM IST

দুৰ্নীতিমুক্ত ৰাজ্য গঢ়াৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা ৰাজ্য চৰকাৰখনৰ দিনত প্ৰতিদিনেই উন্মোচিত হৈছে ন ন কেলেংকাৰী ৷ পুনৰ আমচৈ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি ৷ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে PMAY ৰ অধীনত ঘৰ লাভ কৰা বুলি নিজ মুখে স্বীকাৰ কৰিলে পঞ্চায়তৰ সভাপতিয়ে ৷

Amsoi gaon Panchayat Scam
PMAY ৰ নামত ব্যাপক কেলেংকাৰী

PMAY ৰ নামত ব্যাপক কেলেংকাৰী

ৰহা, 1 অক্টোবৰ: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰা বুলি দাবী কৰি অহা ৰাজ্য চৰকাৰখনৰ দিনত উন্মোচিত হৈছে এটাৰ পিচত আন এটা ভয়ংকৰ দুৰ্নীতিৰ তথ্য ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে আমচৈ গাঁও পঞ্চায়ত কাৰ্যালয়ত ৷ আমচৈ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সেৱক তথা GRS ববিতা কাকতিৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ ক্ষেত্ৰতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

হিতাধিকাৰীৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে PMAY ৰ অধীনত ঘৰ লাভ কৰা বুলি অভিযোগ তুলিছে পঞ্চায়তৰ অন্তৰ্গত লোকে । লগতে, আমচৈ পঞ্চায়তৰ অধীনত এজন মানুহৰ নামত দুই তিনিটা ঘৰ লাভ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে । প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা বুলি খোদ স্বীকাৰ কৰিছে অনুদানৰ ঘৰ লাভ কৰা চৰকাৰী চাকৰিয়াল কেশৱ চন্দ্ৰ নাথৰ পত্নীয়ে ।

আমচৈ গাওঁ পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ বাসিন্দা কেশৱ চন্দ্ৰ নাথ এগৰাকী ভাৰতীয় ডাক সেৱাৰ কৰ্মচাৰী । চৰকাৰী কৰ্মচাৰী গৰাকীয়ে 136066902 নম্বৰৰ বিপৰীতে এটা চৰকাৰী অনুদানৰ ঘৰ লাভ কৰা বুলি জানিব পৰা গৈছে । সমান্তৰালভাৱে, এজন চৰকাৰী কৰ্মচাৰীক কিহৰ ভিত্তিত অনুদানৰ ঘৰ প্ৰদান কৰিলে বুলি প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছিল ৷

উত্থাপিত অভিযোগ সন্দৰ্ভত 8 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যগৰাকীয়ে কয় যে তেওঁৰ অজ্ঞাতে এনেদৰে আমচৈ পঞ্চায়তে প্ৰদান কৰিছে অনুদানৰ ঘৰ ৷ এইক্ষেত্ৰত আমচৈ পঞ্চায়তৰ সচিবগৰাকীয়ে দুটাকৈ পঞ্চায়তৰ দায়িত্বত থকাৰ বাবে ভালকৈ গুৰুত্ব প্ৰদান কৰিবলৈ সময় নোহোৱাৰ বাবে এনে দুৰ্নীতি হোৱা বুলি জানিবলৈ দিয়াৰ লগতে অতি শীঘ্ৰে ইয়াৰ ওপৰত তদন্ত কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

সমান্তৰালভাৱে পঞ্চায়ত সভাপতিগৰাকীয়ে কেশৱ চন্দ্ৰ নাথৰ মাহেলী আয় কম হোৱাৰ হেতুকে আন্তৰিকতাৰ বাবেহে PMAY ৰ অধীনত গৃহ প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিয়ে । কিন্তু আমচৈ পঞ্চায়তত এইদৰে এটাৰ পিছত এটাকৈ দুৰ্নীতিৰ তথ্য ফাদিল হোৱা আৰু দুৰ্নীতিৰ অভিযোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব আগন্তুক সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Amsoi gaon Panchayat Scam : নিৰ্ধাৰিত ধন আদায় দিব নোৱাৰাৰ বাবে আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰী, তদন্তৰ দাবী

Last Updated :Oct 1, 2023, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.