Drugs seized in Barpeta: বৰপেটাত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

By

Published : Feb 22, 2023, 10:42 PM IST

thumbnail

বৰপেটা, ২২ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বেহা ৷ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়েও চলাই গৈছে ধাৰাবাহিক অভিযান ৷ আৰক্ষীৰ অভিযানত প্ৰায় প্ৰত্যেক দিনাই বৃহৎ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা লগতে এই বেহাৰ লগত জড়িত থকা বহু অপৰাধীকো আটক কৰিছে আৰক্ষীয়ে (Assam Police Against Drugs) ৷

কিন্তু তথাপিও একাংশই চলাই গৈছে এই নিষিদ্ধ সামগ্ৰীৰ বেহা ৷ ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷ কিন্তু অপৰাধী যদি ডালে ডালে অসম আৰক্ষীও পাতে পাতে ৷ শেহতীয়াকৈ বৰপেটা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিছে ড্ৰাগছসহ এটা সৰবৰাহকাৰীক (Drugs peddler detained with drugs ) ৷

বৰপেটাৰ গহেৰপাম গাঁৱত আজি আৰক্ষীয়ে চলাই ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযান চলাই ড্ৰাগছসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ীক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আনোৱাৰ হুছেইন ওৰফে তালে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে 150 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে (Drugs seized in Barpeta) ৷ জানিব পৰা মতে বিক্ৰীৰ বাবে নি থকা অৱস্থাতে 150 টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰসহ আটক কৰে আনোৱাৰ হুছেইনক ৷  

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেয়ে জনোৱা মতে, গোপন খবৰৰ ভিত্তিত বৰপেটা-পাটবাউসী-কেওঁটকুছি পথত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে অধিক তথ্যৰ বাবে আনোৱাৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

শেহতীয়াকৈ কাৰ্বি আংলং আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছিল বৃহৎ সাফল্য ৷ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছিল দুই সৰবৰাহকাৰীক (Drugs seized in Khatkhati) ৷ ডিমাপুৰৰ পৰা এখন ট্ৰাকত গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে আৰক্ষীয়ে খটখটীত অভিযানত চলাই ট্ৰাকখনত লুকুৱাই অনা অৱস্থাত ৪ কেজি ১০৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে (Drugs worth Rs 24 crore seized in Khatkhati) ৷ লগতে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷

লগতে পঢ়ক: Drugs seized in Khatkhati: খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰীক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.