ETV Bharat / state

Drugs seized in Khatkhati: খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰীক

author img

By

Published : Feb 20, 2023, 10:58 PM IST

Drugs worth Rs 24 crore seized in Khatkhati through sniffer dog
ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলাই লাভ কৰে সফলতা ৷ স্নিফাৰ ডগৰ জৰিয়তে আৰক্ষীয়ে খটখটীত অভিযান চলাই ড্ৰাগছসহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী (Drugs seized in Khatkhati) ৷

ড্ৰাগছৰ সৈতে আটক দুই সৰবৰাহকাৰী

ডিফু, ২০ ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ এইবাৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে সফলতা ৷ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে দুই সৰবৰাহকাৰী (Drugs seized in Khatkhati) ৷

ঘটনাৰ বিৱৰণী মতে, এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথৰ নেতৃত্বত আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ সহযোগত সোমবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৰ খটখটীত চলে আৰক্ষীৰ এক অভিযান ৷ অসম আৰক্ষীৰ ডগ স্কোৱাডৰ প্ৰশিক্ষক দ্বিগেন নাথৰ তত্বাৱধানত থকা গুৱাহাটীৰ পৰা অনা 'ডেনী' নামৰ স্নিফাৰ ডগৰ সহায়ত চলোৱা হয় এই অভিযান (Anti drugs operation in Karbi Anglong) ৷

অভিযানকালত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম আৰক্ষীৰ বৃহৎ দলটোৱে ৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এন এল ০১ এ ডি ৮৭২১ নম্বৰৰ এখন ট্ৰাক ৷ গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে আৰক্ষীয়ে খটখটীত জব্দ কৰে ট্ৰাকখন ৷ পিচত আৰক্ষীৰ দলটোৱে স্নিফাৰ ডগৰ জৰিয়তে তালাচী চলাই ট্ৰাকখনৰ কেবিনৰ এক গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত ৪ কেজি ১০৯ গ্ৰাম ড্ৰাগছ জব্দ কৰে (Drugs worth Rs 24 crore seized in Khatkhati) ৷ লগতে আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷

লগতে পঢ়ক: Anti drugs operation in Rangia: ৰঙিয়াত 7 কোটি টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে মণিপুৰ থৌবাল জিলাৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত উছৈপ কপি গাঁৱৰ মহম্মদ চামাদৰ পুত্ৰ মহম্মদ ইকবাল (২৬) আৰু আনটো হৈছে একে ঠাইৰে লিলং ইফাম গাঁৱৰ মহম্মদ আব্দুল গামিৰ পুত্ৰ মহম্মদ চৈয়ব আখতাৰ (২২) (Drugs peddler detained in Karbi Anglong) ৷

সোমবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২৪ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ (Huge amount of drugs seized in Khatkhati) ৷ ইপিনে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে অভিযানকাৰী আৰক্ষীৰ দলটোৱে খটখটী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Drugs seized in Tinsukia: তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.