ETV Bharat / state

Drugs seized in Tinsukia: তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

author img

By

Published : Feb 15, 2023, 3:24 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো অব্য়াহত ড্ৰাগছ বিৰোধী অভিযান । মঙলবাৰে নিশাৰ ভাগত তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীৰ জালত পৰে কুখ্যাত মহিলা ড্ৰাগছ ব্যৱসায়ী (Women arrested with drugs in Tinsukia) । জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ । এতিয়াও পলাতক মহিলাগৰাকীৰ স্বামী ।

Large amount of Drugs seized in Tinsukia
তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক মহিলা

তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাখনত গভীৰলৈকে শিপাইছে মাৰাত্মক ড্ৰাগছে (Drug smuggling in Tinsukia) ৷ আৰক্ষীয়ে প্ৰতিদিনে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থাকে যদিও উৎখাত কৰিবলৈ সক্ষম হোৱা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা (Anti drugs operation in Assam) ৷ তেনে সময়তেই মঙলবাৰে নিশাৰ ভাগত তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষীৰ জালত পৰে কুখ্যাত মহিলা ড্ৰাগছ ব্যৱসায়ী (Women arrested with drugs in Tinsukia) ।

আটকাধীন মহিলাগৰাকী বৰডুমচা আৰক্ষীৰ থানাৰ অন্তৰ্গত ২নং তালপথাৰৰ পৰা আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱাৰ পত্নী ভাৰতী বৰুৱা বুলি জানিব পৰা গৈছে (Anti drugs operation in Tinsukia) । ইফালে আৰক্ষীৰ অভিযানৰ বিষয়ে সম্ভেদ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱাই ।

আটকাধীন ভাৰতী বৰুৱাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ২০ টাকৈ পেকেটত প্ৰায় ২৫১ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয় (Large amount of Drugs seized in Tinsukia) । কুখ্যাত ড্ৰাগছ মাফিয়া মৌচুম বৰুৱা আৰু তেওঁ পত্নী ভাৰতী বৰুৱাই দীৰ্ঘদিনে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল ।

মঙলবাৰে নিশা এক গোপন সূত্ৰ পমখেদি বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই আৰু তিনিচুকীয়া উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দুৱৰা নেতৃত্বত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অতৰ্কিতে মৌচুম বৰুৱা বাসগৃহত অভিযান চলাই ড্ৰাগছসহ হাতে-লোটে আটক কৰিবলৈ সক্ষম ভাৰতী বৰুৱাক ।

ভাৰতী বৰুৱা আটক হয় যদিও তেওঁ স্বামী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৌচুম বৰুৱাই আৰক্ষীৰ অহা উমান পাই ঘৰৰ পৰা পলায়ন কৰে । পলাতক মৌচুম বৰুৱাক আটক কৰা বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে আটকাধীন মহিলাগৰাকীক অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে ।

উক্ত ঘটনাৰ সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৱে জানিব দিয়া অনুসৰি জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰমূল্য প্ৰায় ১০-১২ লাখ টকা হ’ব ৷ দীৰ্ঘদিন ধৰি মৌচুম বৰুৱাৰ বাসগৃহত ড্ৰাগছ ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল । সেয়ে মঙলবাৰে সঠিক তথ্য লাভ কৰাৰ পাচতেই এই অভিযান চলাই আৰক্ষীৰ দলটোৱে ।

উল্লেখযোগ্য যে, সোমবাৰে ডুমডুমা চহৰত ডুমডুমাৰ কেইবাটাও দল-সংগঠনে একত্ৰিত হৈ স্থানীয় ৰাইজৰ সহযোগত মাৰাত্মক ড্ৰাগছৰ লগতে অবৈধ ব্যৱসায় বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ১৫ দিনৰ সময়সীমা ধাৰ্য কৰি দিছিল তেনে অবৈধ ব্যৱসায় উচ্ছেদৰ দাবীত ৷

নিশ্চয়কৈ দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই অনুমান কৰিব পাৰি যে, তিনিচুকীয়া জিলাখনত মাৰাত্মক ড্ৰাগছে যে বৰ বেয়াকৈ শিপাইছে ৷ যি তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি নিছে যুৱ প্ৰজন্মক । গতিকে এইক্ষেত্ৰত নিশ্চয়কৈ তিনিচুকীয়া জিলাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু অধিক গতিত চলোৱাৰ প্ৰয়োজন আছে ৷

লগতে পঢ়ক: Three killed over land dispute: বৰপেটাত ভূমি বিবাদে প্ৰাণ কাঢ়িলে ৩ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.