Drugs seized in Karimganj: অসম মিজোৰাম সীমান্তত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

By

Published : Nov 16, 2022, 9:07 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তত পুনৰ জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । বুধবাৰে কৰিমগঞ্জৰ বাজাৰিছড়া থানাৰ অন্তৰ্গত ৰাংগামাটি চেক পষ্টত আৰক্ষীৰ নিয়মীয়া তালাচীত এখন যাত্ৰীবাহী বাহনৰ পৰা উদ্ধাৰ হয় 99 টা চাবোনৰ বাকচত ভৰাই অনা এক কেজি এশ গ্ৰাম ড্ৰাগছ ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 8 কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ জানিব পৰা মতে ম্যানমাৰৰ পৰা মিজোৰাম আৰু অসম হৈ ত্ৰিপুৰালৈ ড্ৰাগছখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে ৷ ইতিমধ্যেই বাহনখনৰ চালকক আটক কৰি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.