Drugs Peddler Arrested: ড্ৰাগছ মাফিয়াই নাকত ধৰি চাকত ঘূৰালে স্মাৰ্ট আৰক্ষীক

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:56 PM IST

thumbnail

চামগুৰি, 11 নৱেম্বৰ : স্মাৰ্ট আৰক্ষীক চেলেঞ্জ ড্ৰাগছ মাফিয়াৰ ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাল ড্ৰাগছ মাফিয়া ৷ এই ঘটনা সংঘটিত হ’ল ৰূপহীহাটৰ কাৱৈমাৰীত ৷ জানিব পৰা মতে, শুকুৰবাৰে নিশা কাৱৈমাৰী ফিৰোজা খাতুন নমাৰ এগৰাকী মহিলাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিল ৷ সেই অভিযানৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ মাফিয়া য়াচিন আলীক ৷ উল্লেখ্য যে নিশা ফিৰোজা খাতুন নামৰ এগৰাকী মহিলাৰ বাসগৃহত অভিযান চলাই 11 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ 90 টা খালি কণ্টেইনাৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

ইফালে আটক কৰা ড্ৰাগছ মাফিয়া য়াচিনক কাৱৈমাৰী আৰক্ষীয়ে হাতত পিন্ধাইছিল হেণ্ডকাফ ৷ কিন্তু শুকুৰবাৰে নিশাই হেণ্ডকাফসহ আৰক্ষীৰ বেষ্টনিৰপৰা পলায়ন কৰে ড্ৰাগছ মাফিয়া আলীয়ে ।

কিন্তু, শনিবাৰে পলাতক আলীৰ হাত থকা হেণ্ডকাফ কাপোৰেৰে মেৰিয়াই থোৱা প্ৰত্যক্ষ কৰি শলমাৰী গাঁৱৰ ৰাইজে আটক কৰি পুনৰ আৰক্ষীক গতাই দিয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি, য়াচিন পূৰ্বতে বহুবাৰ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ বাবে জেইলত থাকিব লগা হৈছিল ৷ ইফালে সমগ্ৰ ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰে কাৱৈমাৰী আৰক্ষীয়ে  ৷ 

লগতে পঢ়ক:Rakibul Hussain : সুৰেশ বৰা হতাশা আৰু নিৰাশাত ভুগিছে : ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.