Rakibul Hussain : সুৰেশ বৰা হতাশা আৰু নিৰাশাত ভুগিছে : ৰকিবুল হুছেইন

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:28 PM IST

thumbnail

নগাঁও, 11 নৱেম্বৰ : ৰাজস্থান ভ্ৰমণ আধাতে সামৰি নগাঁৱলৈ উভতিল ৰকিবুল হুছেইন ৷ নগাঁও ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন ৰকিবুল হুছেইনৰ ৷ সুৰেশ বৰাৰ পদত্যাগ সন্দৰ্ভত মুখ খুলিলে ৰকিবুল হুছেইনে ৷  

হুছেইনে কয় যে, সুৰেশ বৰা ৰাজনৈতিক লাভালাভৰ বাবে বিজেপিলৈ গৈছে ৷ সুৰেশ বৰা এজন হতাশগ্ৰস্ত ব্যক্তি ৷ তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ দৰে হৈছে ৷ তিনিবাৰ হাৰি তেওঁ হতাশ হৈছে ৷ লাভজনক ব্যৱসায়ৰ বাবে তেওঁ বিজেপিলৈ গৈছে ৷ তেওঁৰ বিষয়ে বিশেষ ক'ব লগা নাই বুলি নগাঁও ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ মন্তব্য ৷

ইফালে 15 নৱেম্বৰত নগাঁৱত কংগ্ৰেছৰ এক ৰাজহুৱা সভা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগতে দুই-এদিনতে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ নাম ঘোষণা হ'ব বুলিও সংবাদমেলত ৰকিবুল হুছেইনে মন্তব্য কৰে ৷  

আনহাতে সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰীকাকো সমালোচনা কৰে কংগ্ৰেছ নেতাজনে ৷ ৰকিবুল হুছেইনে কয় যে, পীযুষ হাজৰীকাক সুধিব তেওঁক বিধায়ক কোনে বনালে ৷ তৰুণ গগৈক পীযুষে কিমান তেল মাৰিছিল ? লগতে হুছেইনে কয় যে, কংগ্ৰেছত যোগদান কৰিবলৈ এতিয়াও মানুহে হেতা-ওপৰা লগাই আছে ৷ 

লগতে পঢ়ক : Opposition Leader Joins BJP: একেনিশাই পাভলুটি মাৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছ-তৃণমূলৰ নেতাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.