তেজপুৰত কন্টেনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 3:21 PM IST

thumbnail

তেজপুৰ,২ জানুৱাৰী: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ড্ৰাগছৰ অবাধ প্ৰচলন । সমানে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । আৰক্ষীৰ কঠোৰ তালাচীৰ মাজতো একাংশই চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ড্ৰাগছ মাফিয়াৰ ভূস্বৰ্গত পৰিণত হৈছে শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ চহৰ । সোমবাৰে নিশা মহাভৈৰৱ আৰক্ষী চকীৰ আৰক্ষীয়ে এক অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।  

তেজপুৰ গোটলং ভিতৰ সুতি অঞ্চলত অভিযান চলাই প্ৰায় ৮০ টাতকৈ অধিক ড্ৰাগছৰ কন্টেনাৰসহ ফাৰুক হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু দেৱজিৎ ৰয় নামৰ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দেৱজিৎ ৰয় নামৰ যুৱকজনে ফাৰুক হুছেইনৰ পৰা ড্ৰাগছ কিনিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: চিগাৰেটৰ বাবে চৰাইদেউৰ মথুৰাপুৰ চাহ বাগিচাত লংকা কাণ্ড, অগ্নিদগ্ধ এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.