পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক !

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 10:53 AM IST

thumbnail

নগাঁও, 21 নৱেম্বৰ: নগাঁৱত সোমবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় এটা ম’ষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াটো হেকমত আলী বুলি চিনাক্ত কৰা হৈছে । সোমবাৰে বিয়লি চামগুৰিৰ বাজিয়া গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হেকমত আলীক ।

ধৃত হেকমত আলীয়ে নিশা আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে ৷ লগে লগে হেকমতলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে । আৰক্ষীৰ গুলীয়ে ড্ৰাগছ মাফিয়াটোৰ সোঁ ভৰিত আঘাত হানে ৷

নিশাই গুলীবিদ্ধ ড্ৰাগছ মাফিয়াটোক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পূৰ্বে যোৱা ১৬ নৱেম্বৰতো নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত জুৰীয়াত গুলীবিদ্ধ হৈছিল ৰাজু আহমেদ নামৰ এটা দুৰ্ধৰ্ষ ডকাইত ৷ 

লগতে পঢ়ক: Firing in Nagaon: নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী; আটক অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.