ETV Bharat / state

Firing in Nagaon: নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ঔষধ বিপণিৰ স্বত্বাধিকাৰী; আটক অভিযুক্ত

author img

By

Published : Jun 27, 2023, 6:50 AM IST

Updated : Jun 27, 2023, 10:30 AM IST

Firing incident in Nagaon
ৰাজ্যত আকৌ ফুটিল বন্দুকৰ গুলী

নগাঁৱত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত আহত জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান । ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ । ইতিমধ্যে আটক কৰা হৈছে ইনামূল হাছান নামৰ এটা অভিযুক্তক ৷

নগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা

নগাঁও, 27 জুন : ৰাজ্যত পুনৰ সংঘটিত হ’ল গুলীচলনা ৷ তথ্য অনুসৰি, সোমবাৰে নিশা নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত আহত হয় নগাঁৱৰ সোনাইঘাট চলচলীৰ জন ঔষধী কেন্দ্ৰৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান নামৰ ব্যক্তিজন । নিশা নিজৰ ‘জন ঔষধী কেন্দ্ৰ’ৰ তলা বন্ধ কৰাৰ সময়তে এখন ৰঙা ৰঙৰ পালছাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ এটা দলে গুলীচালনা কৰে ।

দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় জন ঔষধী কেন্দ্ৰটোৰ স্বত্বাধিকাৰী হাফিজুৰ ৰহমান । লগে লগে সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । পিঠিত গুলীবিদ্ধ হাফিজুৰক জন ঔষধী কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকে উদ্ধাৰ কৰি প্ৰথমে নগাঁৱৰ ধিং গেইটৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় ৷

পৰৱৰ্তী সময়ত গুলীবিদ্ধ হাফিজুৰ অৱস্থা কিছু সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ । ইফালে গুলীচালনাৰ ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰা দুৰ্বৃত্তক আহত হাফিজুৰ ৰহমানে চিনাক্ত কৰা বুলি জানিব পৰা গৈছে ।

পূৰ্বে ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰী কৰি জেল হাজোতৰ ভাত খোৱা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ দুই ভাতৃ এই গুলীচালনীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে । অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিচতেই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই । নগাঁও আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সকলো তথ্য ৷

আনহাতে, শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, নগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এই গুলীচালনা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত নগাঁৱৰ হাম এক গ্ৰুপৰ স্বত্বাধিকাৰী ইনামূল হাছানক । হাম এক গ্ৰুপৰ দুই ভাতৃ জড়িত থকাৰ অভিযোগ । এই গুলীচালনাৰ ঘটনাত ইনামূল হাছানৰ লগতে ইনামূলৰ ভাতৃ হাইদৰ হুছেইনো জড়িত থকাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে ধৃত ইনামূলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : Junmoni Rabha Death Case: জোনমণিৰ মাতৃৰ এজাহাৰত উল্লেখ থকা অভিযুক্তৰ নাম নাই প্ৰতিবেদনত

Last Updated :Jun 27, 2023, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.