Drug addict youth Escape from Rehab center: দুৱাৰ ভাঙি পলাল ড্ৰাগছ আসক্ত যুৱক

By

Published : Jun 10, 2023, 8:29 PM IST

thumbnail

চামগুৰি,১০ জুন: চামগুৰিৰ নতুন তিনিআলিস্থিত নিচামুক্তি কেন্দ্ৰত নিশা উত্তপ্ত পৰিস্থিতি (Heated situation at Rehab center) । দুৱাৰ ভাঙি পলায়ন কৰে ৬ জনকৈ ড্ৰাগছ আসক্ত যুৱকে । হাতে-হাতে লোহাৰৰ ৰদ, হেতা, চোকা অস্ত্ৰ লৈ "এৰাইজিং ৱেলনেছ চচাইটি" নামৰ নিচামুক্তি কেন্দ্ৰটোৰ দুজনকৈ কৰ্মচাৰীক ভাবুকি প্ৰদান কৰি পলায়ন কৰে যুৱক কেইজনে (Rehabilitation centres at Samaguri) । চি.চি.টি.ভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ।

কেন্দ্ৰটোৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰি পলায়ন কৰিবলৈ সক্ষম হয় ৬ জনকৈ নিচাসক্ত যুৱক । ৫ জনক পুনৰাই কৰ্তৃপক্ষই কৰায়ত্ব কৰিলে যদিও বৰ্তমানেও এজন পলাতক (Drug addict youth Escape from Rehab center in Samaguri) । কেন্দ্ৰটোত প্ৰতিনিশাই নিচাযুক্ত দ্ৰব্য সেৱন কৰি যুৱকসকলে হুলস্থুল অথবা অভব্য আচৰণ কৰাৰ অভিযোগ অতিষ্ঠ স্থানীয় ৰাইজৰ । স্থানীয় ৰাইজে আৰক্ষীক বিষয়টো অৱগত কৰোৱাত নিশাই চামগুৰি আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ আৰম্ভ কৰে প্ৰাৰম্ভিক তদন্ত । 

লগতে পঢ়ক: Drug addicts detained: ৰঙিয়াত ড্ৰাগছ সেৱন কৰি ৩ যুৱক পৰিল ৰাইজৰ ৰোষত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.