Dreaded criminal shot dead in police Encounter: আৰক্ষীৰ এনকাউণ্টাৰত নিহত পলাতক কুখ্যাত অপৰাধী হিফজুৰ ৰহমান

By

Published : Jul 12, 2023, 8:16 AM IST

Updated : Jul 12, 2023, 11:38 AM IST

thumbnail

কৰিমগঞ্জ, 12 জুলাই: হত্যাৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত পলাতক আচামী হিফজুৰৰ মঙলবাৰে এনকাউণ্টাৰত মৃত্যু হয় ৷ কাছাৰত আৰক্ষীৰে হোৱা সংঘৰ্ষত গুলিবিদ্ধ হয় পলাতক আচামী হিফজুৰৰ ৷ হিফজুৰক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় পলাতক আচামীটোৰ ৷ 

নাজ হত্যাৰ গোচৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত হিফজুৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল ৷ বিগত 10 মে’ৰ দিনা হিফজুৰে আন এক কাৰাবন্দীৰ লগত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰে ৷ ইয়াৰ পাচৰে পৰা আৰক্ষীয়ে হিফজুৰৰ সন্ধান অব্যাহত ৰাখিছিল ৷ ইয়াৰ মাজতে আৰক্ষীয়ে হিফজুৰে অসম-মেঘালয় সীমান্তত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰে ৷

কাছাৰ আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত হিফজুৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে ৷ হিফজুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুজনকৈ আৰক্ষী জোৱান ৷ প্ৰত্যুত্তৰত অসম আৰক্ষীয়ে কৰা গুলীচালনাত আহত হয় হিফজুৰ ৷ ইয়াৰ পাচতেই শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় হিফজুৰৰ ৷

লগতে পঢ়ক: Two prisoners escaped: শিলচৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ

Last Updated : Jul 12, 2023, 11:38 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.