Bihu dance performed in G20 summit:লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া উঠিছে খং, কিন্তু কিয়?

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:59 PM IST

thumbnail

ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ : অসমীয়াৰ বাপতি সাহোন বিহুক লৈ বিশ্ব ৰেকৰ্ড কৰাৰ প্ৰয়াস কৰিছিল চৰকাৰে । যি কাৰ্যৰ দ্বাৰা বিশ্বতে সমাদৃত হৈছিল বাপতি সাহোন বিহু । কিন্তু অসমীয়াৰ বাপতি সাহোন বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰা হ’ল G20 সন্মিলনত ।

G20 সন্মিলনলৈ অহা বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিক আদৰণি জনোৱাৰ সময়ত বিকৃত ৰূপত প্ৰদৰ্শন কৰা হৈছিল বিহু । অসমীয়াৰ বাপতি সাহোন বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ ক্ষোভিত হৈ পৰিছে লোক সংস্কৃতিৰ গৱেষক ড৹ অনিল শইকীয়া । 

বিহুক বিকৃত ৰূপত প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোক সংস্কৃতিৰ গৱেষক, সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ সদস্য ড৹ অনিল শইকীয়াই কয়, ‘এইয়া প্ৰথম নহয় । বাৰে বাৰে অসমৰ বাহিৰত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে । মই এই সকলক ধিক্কাৰ দিয়াৰ ভাষা বিচাৰি পোৱা নাই । বিহু নাচৰ নিজস্ব ভংগীমা আছে । G20 সন্মিলনত যি দেখুওৱা হ’ল এইবোৰ বিহু নাচ নহয়, ভেকুলীৰ নাচহে হৈছে’ । লগতে তেওঁ কয়, ‘বিহুক যদি ভৱিষ্যতে প্ৰদৰ্শন কৰিব লগা হয় অসমৰ প্ৰকৃত বিহু প্ৰদৰ্শন কৰক নহ'লে বিহু প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক’ ।

লগতে পঢ়ক : G20 Summit 2023 : জি-২০ বৈঠকলৈ অহা অতিথিসকলক আদৰণি ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.