ETV Bharat / bharat

G20 Summit 2023 : জি-২০ বৈঠকলৈ অহা অতিথিসকলক আদৰণি ৰাষ্ট্ৰপতিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 12:01 PM IST

G20 Summit 2023
জি-২০ বৈঠকলৈ অহা অতিথিসকলক আদৰণি ৰাষ্ট্ৰপতিৰ

ভাৰতে জি-২০ সভাপতিত্ব কৰাৰ সময়ত সামগ্ৰিক বিকাশ, ডিজিটেল উদ্ভাৱন, জলবায়ু স্থিতিস্থাপকতা আৰু ন্যায়সঙ্গত বিশ্বজুৰি স্বাস্থ্য প্ৰৱেশাধিকাৰৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰপতি মুৰ্মুৱে বিদেশী অতিথিসকলক বিশাল আদৰণি জনায় ।

নেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : ভাৰতে বহু প্ৰত্যাশিত জি-২০ বৈঠক অনুষ্ঠিত কৰিছে । আজিৰে পৰা নতুন দিল্লীত ব্যাপক কাৰ্যসূচীৰে জি-২০ বৈঠকৰ আয়োজন কৰা হৈছে । য'ত জি-২০ সদস্য ৰাষ্ট্ৰৰ লগতে কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । এই বিশেষ ক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু হৈছে 'বসুদৈৱ কুটুম্বকম - এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত', বহনক্ষম, সামগ্ৰিক আৰু মানৱ কেন্দ্ৰিক বিকাশৰ বাবে এক বিশ্বব্যাপী ৰোডমেপ ।

ভাৰত মণ্ডপমত অনুষ্ঠিত জি-২০ বৈঠকৰ প্ৰাকক্ষণত জি-২০ ৰাষ্ট্ৰ, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সকলো প্ৰতিনিধিৰ মুৰব্বীসকলক ৰাষ্ট্ৰপতিগৰাকীয়ে উষ্ম আদৰণি জনায় । ৰাষ্ট্ৰপতি মুৰ্মুৱে এক্সৰ এটা পোষ্টত ভাৰতৰ জি-২০ সভাপতিত্বৰ বিষয়বস্তু উল্লেখ কৰি এই বৈঠকৰ অংশগ্ৰহণকাৰীসকলক এই দৃষ্টিভংগী উপলব্ধি কৰাৰ দিশত তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতিটো সফলতা কামনা কৰে ।

উল্লেখ্য যে জি-২০ সভাপতিত্বত ভাৰতে সামগ্ৰিক বিকাশ, ডিজিটেল উদ্ভাৱন, জলবায়ুৰ স্থিতিস্থাপকতা আৰু ন্যায়সঙ্গত বিশ্বজুৰি স্বাস্থ্য প্ৰৱেশাধিকাৰৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । জি-২০ সদস্য দেশবোৰে বিশ্বজুৰি জিডিপিৰ প্ৰায় ৮৫ শতাংশ, বাণিজ্যৰ ৭৫ শতাংশতকৈ অধিক আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ প্ৰতিনিধিত্ব কৰে ।

এই গোটটোত আছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ইউকে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়ন ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে এক মুক্ত, সামগ্ৰিক আৰু স্থিতিস্থাপক ভাৰত-প্ৰশান্তক সমৰ্থন কৰাৰ ক্ষেত্ৰত কোৱাড গোটৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে । দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠকৰ পাছত জাৰি কৰা এক যুটীয়া বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনত ভাৰতে আয়োজন কৰিবলগীয়া পৰৱৰ্তী কোৱাড লিডাৰ্ছ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতিক স্বাগতম জনোৱাৰ বাবে আশাবাদী ।

ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে ভাৰত মণ্ডপমত নেতাসকলৰ বাবে এক মধ্যাহ্নভোজনৰ আয়োজন কৰিব আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকৰ বাবে এক নৈশ ভোজৰো আয়োজন কৰিব ।

লগতে পঢ়ক :India preps for G20 Summit in Delhi : পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক G20 সন্মিলনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.