Dilapidated Bamboo bridge: পথ এৰি পথাৰেৰে যাত্ৰা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:09 PM IST

thumbnail

দলগাঁও, ১০ নৱেম্বৰ : সাঁকো নহয় যেন মৰণ ফান্দহে । মৰণফান্দ সদৃশ বাঁহৰ সাঁকোৰ ‌ওপৰেৰে মৰণক শৰণ দি অহা যোৱা কৰে আৰিমাৰী গাঁৱৰ শ শ লোক । এই দৃশ্য দলগাঁও সমষ্টিৰ আৰিমাৰী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ । ৱাৰ্ডখনত‌ আছে এইখন জৰাজীৰ্ণ বাহৰ সাঁকো ।

উল্লেখযোগ্য যে, প্ৰায় ৪/৫ বছৰ মান পূৰ্বে খাৰুপেটীয়াৰ পৰা দলংপাৰ হৈ শান্তিবজাৰলৈ যোৱা পথটো ঠিকাদৰে নিৰ্মাণ কৰিছিল ‌ব্লক ইটাৰে । অভিযোগ মতে, ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবে পথাৰত জমা হোৱা বৰষুণৰ পানীয়ে উটুৱাই নিয়ে পথত থকা নামমাত্ৰ কালভাৰ্টসহ ব্লক ইটাৰ পথটি । ফলত বন্ধ হৈ পৰে শ শ লোকৰ যাতায়ত । ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰিমাৰী গাঁও পঞ্চায়তৰ তৰফৰ পৰা যেনে তেনে অহা-যোৱা কৰিব পৰা বাঁহৰ সাঁকো এখন নিৰ্মাণ কৰা হয় পথটিত ।

শ শ লোকৰ যাতায়তৰ ফলত কেইমাহমান পিচতে জৰাজীৰ্ণ হৈ পৰে সাকোঁখন । ৰাইজে দান বৰঙণিৰে পুনৰ সাঁকোখন মেৰামতি কৰি যাতায়ত অব্যাহত ৰাখে যদিও পুনৰ জহি খহি পৰে সাঁকোখন । এনেকৈয়ে পাৰ হয় বছৰৰ পিচত বছৰ । নিৰূপায় ৰাইজে পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিসকলক আবেদন নিবেদন কৰে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত অৱশেষত উপায়ন্তৰ হৈ পথ এৰি পথাৰেৰে ঘূৰি যাতায়ত অব্যাহত ৰাখিছে । আন একাংশই মৰণক শৰণ দি ঢলং পলং সাঁকোৰ ওপৰেদি বিপদসংকুলভাৱে অব্যাহত ৰাখিছে যাতায়ত । অতিশীঘ্ৰে পথচোৱা মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক আহ্বান জনায় ৰাইজে ।

লগতে পঢ়ক : Dilapidated bamboo bridge: বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.