ETV Bharat / state

Dilapidated bamboo bridge: বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:41 PM IST

উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ দিনত ৰাজ্যৰ ভিতৰুৱা অঞ্চলত কিমান উন্নয়ন হৈছে সেয়া প্ৰতিদিনেই পোহৰলৈ আহিছে । উৰণ সেঁতুৰে চমক সৃষ্টি কৰা সময়তো বাঁহৰ সাঁকোৰেই খৰস্ৰোতা নদী পাৰাপাৰ হৈছে আমগুৰিৰ এটা অঞ্চলৰ ৰাইজে । লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা ।

Terrible Communication in Amguri
বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ণ

বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন

আমগুৰি,১৩ ছেপ্টেম্বৰ: উন্নয়ন আৰু বিকাশৰ শ্ল'গানেৰে শাসনৰ গাদীত বহা চৰকাৰখনে প্ৰকৃতাৰ্থত কিমান উন্নয়ন সাধন কৰিছে ৰাজ্যত ? উৰণ সেঁতু সাজি চমক সৃষ্টি কৰা চৰকাৰখনৰ দিনত ভিতৰুৱা প্ৰত্যেকটো অঞ্চলৰ ৰাইজে লাভ কৰিছেনে দলং ? শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰে জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰা সময়তে স্বাধীনতাৰ ৭৬ বছৰ অতিক্ৰম কৰাৰ পিছতো আমগুৰিৰ এটা অঞ্চলে উন্নয়নৰ মুখ দেখা নাপালে ।

বিভিন্ন সমস্যাত জুৰুলা অঞ্চলটোৰ ৰাইজ এতিয়াও বঞ্চিত বিভিন্ন চৰকাৰী সুবিধাৰ পৰা । এখন বাঁহৰ জৰাজীৰ্ণ দলং, এডাল বাঁহৰ সাঁকো আৰু এখনি টুলুঙা নাঁৱেৰে যাতায়াতৰ একমাত্ৰ সম্বল অঞ্চলবাসীৰ । আমগুৰি সমষ্টিৰ মোকালনি মিছিং গাঁওবাসীৰ দু্ৰ্দশাগ্ৰস্থ জীৱন পদ্ধতি দেখিলে চকু কপালত উঠিব আপোনাৰো । খৰস্ৰোতা মিটং নদীৰ ওপৰৰে অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ।

মিটং নদীৰ ওপৰত থকা জৰাজীৰ্ণ ভঙা বাঁহৰ দলং আৰু এদলীয়া বাঁহৰ সাঁকোৰে ইপাৰ-সিপাৰ হয় স্থানীয় লোকসকল । গৰ্ভৱতী মহিলা অথবা অসুখীয়া লোকক সাঙি ভাৰ কৰি নাৱেৰে বিপদসংকুলভাৱে পাৰ কৰিবলগীয়া হয় । শিক্ষা, ব্যৱসায়-বাণিজ্য, স্বাস্থ্য সকলো দিশতে উপেক্ষিত হয় অঞ্চলটোৰ লোকসকল । কোনো লোকৰ অসুস্থ হ'লে ১০৮ সেৱাই ঢুকি নাপায় ।

অঞ্চলটোত এখনেই প্ৰাথমিক বিদ্যালয় আছে, ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰটো অসুবিধাৰ সন্মুখীন হৈ আহিছে । স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবীক আজিও গুৰুত্ব নিদিলে শাসনাধিষ্ঠিত চৰকাৰে । এখন পকী দলঙৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় বিধায়কক দাবী জনাই আহিছিল যদিও গুৰুত্ব নিদিলে । সেয়ে এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে মোকালনি মিচিং গাঁওবাসীয়ে ।

লগতে পঢ়ক: Zubeen Garg Jhumur dance: মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিন গাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.