ETV Bharat / state

Zubeen Garg Jhumur dance: মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিন গাৰ্গে

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 11:30 AM IST

মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিনে ৷ নতুন অসমীয়া চিনেমা "চিকাৰ"ৰ বাবে জুবিনৰ নতুন ৰূপ ৷ "ৰা-ৱান"ৰ কাৰিকৰী দলে কৰিছে শ্বুটিং ৷

Zubeen Garg's film Sikaar shooting in Moran,Watch Zubeen Garg's Jhumur dance
মৰাণৰ খোৱাং চাহ বাগিচাত মাদল বজাই ঝুমুৰ নাচিলে জুবিনে

ডিব্ৰুগড়, ১৩ ছেপ্টেম্বৰ: শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ বিষয়ে এটা মন্তব্য কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত হৈছিল জুবিন গাৰ্গ ৷ ছ’চিয়েল মিডিয়াত লাভ কৰা সমালোচনাৰ পিচতে এতিয়া ৰাজনীতিৰ পৰা আঁতৰি পুনৰ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গ ৷ সকলো ধৰণৰ বিৰ্তকৰ পৰা আঁতৰি জুবিন গাৰ্গ এতিয়া ব্যস্ত তেওঁৰ আগন্তুক ছবি 'চিকাৰ'ৰ দৃশ্যগ্ৰহণত ।

কাঞ্চনজংঘাৰ অভূতপূৰ্ব সফলতাৰ পাচত জুবিন গাৰ্গৰ এইখন তৃতীয় ছবি ৷ অৱশ্যে শেষবাৰৰ বাবে জুবিন গাৰ্গক অভিনয়ত দেখা গৈছিল ‘ড৹ বেজবৰুৱা’ ছবিখনত ৷ এই ছবিখনত জুবিনৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছিল ৷ সম্প্ৰতি জুবিন গাৰ্গ ব্যস্ত চিকাৰক লৈ ৷ চিকাৰৰ বাবে জুবিনৰ নতুন ৰূপ দেখা গৈছে ৷ এইবাৰ চাহ বাগানৰ যুৱকৰ ৰূপত জুবিন ৷ ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত নিশা মাদল বজাই ঝুমুৰ নৃত্যত অংশ ল’লে জুবিনে ৷

খোৱাং চাহ বাগিচাৰ দুলীয়ালাইনৰ খেলপথাৰত নিৰ্মাণ কৰা অস্থায়ী চেটত প্ৰায় তিনিশতাধিক নৃত্যশিল্পীৰ সৈতে দৃশ্যগ্ৰহণত অংশ ল’লে জুবিনে ৷ প্ৰায় চাৰি কোটি টকাৰ বৃহৎ বাজেটেৰে নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত ব্যতিক্ৰমী ৰূপত দেখা যাব জুবিন ৷ তদুপৰি চিনেমাখনৰ সংগীত আৰু আৱহ সংগীতৰ দায়িত্বতো আছে জুবিন ৷

উল্লেখ্য যে, দেবাংগ বুঢ়াগোহাঁইয়ে পৰিচালনা কৰা বিগ বাজেটৰ চিনেমা চিকাৰৰ ২০ শতাংশ দৃশ্যগ্ৰহণ কৰা হৈছে খোৱাং চাহ বাগিচাত ৷ বাকী ৮০ শতাংশ দৃশ্যগ্ৰহণ হ’ব লণ্ডনত ৷ পৰিচালক দেবাংগ বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়া মতে প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাত কাৰ ক্ৰেছ আৰু কাৰ ব্লাষ্টৰ দৃশ্য সংযোজন কৰা হৈছে "চিকাৰত"। এক্সন, ৰোমাঞ্চ, থ্ৰীলাৰ থকা চিনেমাখনত দৃশ্যগ্ৰহণ কৰিছে জনপ্ৰিয় হিন্দী বোলছবি" ৰা-ৱান" ত দৃশ্যগ্ৰহণ কৰা কাৰিকৰী দলে ৷ বেচ উপভোগ্য এখন চিনেমা হ’ব বুলিয়েই আশাবাদী পৰিচালকজন । আনহাতে জুবিন গাৰ্গে কয়, এটা বছৰৰ ভিতৰতে ৰাইজৰ মাজলৈ আহিব ছবিখন ।

ইফালে এই দৃশ্যগ্ৰহণত উপস্থিত থকা দেখা গ’ল কণ্ঠশিল্পী নীল আকাশক ৷ নীল আকাশৰ বিষয়ে জুবিনে কয় যে চিকাৰৰ পিচত আন এখন ছবি আহি আছে দৰ্শকৰ মাজলৈ ৷ জুবিনে কয় যে এই ছবিখনত পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰা দেখা যাব নীল আকাশক ৷ অৰ্থাৎ এয়া হ’ব নীল আকাশৰ অভিনয় জগতত প্ৰথমটো খোজ ৷

লগতে পঢ়ক: Sikaar shooting start: জুবিনৰ নতুন ছবি চিকাৰৰ দৃশ্যগ্ৰহণ আৰম্ভ, চিকাৰত কি চৰিত্ৰত অভিনয় কৰিব জুবিনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.