Junmoni Rabha accident:জোনমণিৰ মৃত্যুৰ কি কাহিনী জানে এছ আই ৰাজা ইৰ্শ্বাদে ?

By

Published : May 20, 2023, 4:35 PM IST

thumbnail

নগাঁও, ২০ মে': জোনমণি ৰাভাৰ মৃত্যুৰ কি কাহিনী জানে এছ আই ৰাজা ইৰ্শ্বাদে,তাক লৈ আৰম্ভ হৈছে চৰ্চা (Junmoni Rabha death)। ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদ সাঙোৰ খাই পৰিছে জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত। এছ আই জোনমণি ৰাভাৰ মৃত্যুত প্ৰথমৰ পৰাই নাম সাঙোৰ খাই পৰিছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নাম (Dhing police station SI Raja Irshad )। ধিঙত কাৰ্যনিৰ্বাহ কৰা আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মৃত্যুৰ নিশাই জোনমণিৰ মাতৃৰ মোবাইল লক কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খোৱা আৰক্ষী বিষয়া এছ আই ৰাজা ইৰ্শ্বাদৰ এটা গোপন ভিডিঅ' পোহৰলৈ অহাৰ পিচত অধিক সন্দেহৰ মাজত সোমাই পৰিছে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন (Junmoni Rabha death incident) । কোনো ব্যক্তিৰ সৈতে ৰাজা ইৰ্শ্বাদৰ কথোপকথন বন্দী হৈছে কেমেৰাত । ইপিনে,ৰাজা ইৰ্শ্বাদে স্পষ্টকৈ ক'লে কাহিনী বেলেগ আছে । এতিয়া কি কাহিনী জানে ৰাজা ইৰ্শ্বাদে ? ৰাজা ইৰছাদক মাৰাথন জেৰা চলালেই হয়তো সকলো পোহৰলৈ আহিব ।  

ইপিনে, অভিযুক্ত আৰক্ষী বিষয়াক চি আই ডিয়ে জেৰা চলোৱা, বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও ৰহস্যজনক মৃত্যুক সাৱটি লোৱা এছ আই জোনমণি ৰাভাৰ মাতৃয়ে ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নাম লোৱাৰ পিচত ৰাজা ইৰ্শ্বাদক চি আই ডিয়ে জেৰা আৰম্ভ কৰিছে (Junmoni Rabha case latest update)। উল্লেখ্য যে এইজন ৰাজা ইৰ্শ্বাদক অভিযুক্ত কৰি ইতিমধ্যে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে ।

লগতে পঢ়ক:Assam Police new Guidelines: এতিয়াৰ পৰা DGP ৰ অনুমতি অবিহনে আৰক্ষী বিষয়াসকলে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.