Dhemaji Man in Record Books :ধেমাজিৰ এগৰাকী মিঠাইৰ দোকানীৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ কাহিনী

By

Published : Aug 1, 2023, 8:13 PM IST

thumbnail

ধেমাজি, 1 আগষ্ট : মিঠাইৰ দোকানীয়ে গঢ়িলে বিশ্ব ৰেকৰ্ড ৷ এগৰাকী মিঠাইৰ দোকানীয়ে অসাধাৰণ প্ৰতিভাৰ দ্বাৰা গঢ়িলে বিশ্ব ৰেকৰ্ড ৷ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱা এইগৰাকী মিঠাইৰ দোকানী হৈছে চিলাপথাৰ নগৰস্থিত উত্তম চুইটচৰ স্বতাধিকাৰী উত্তম দাস ৷

তেওঁৰ এক অভূতপূৰ্ব সৃষ্টিৰাজি হৈছে দাপোনৰ ভাষা । দাপোনত প্ৰতিফলিত হোৱা আখৰ তেওঁ সুন্দৰকৈ পঢ়িব পাৰে ৷ সাধাৰণতে কিতাপ বা বহীত লিখা আখৰবোৰ দাপোনত পঢ়িবলৈ জটিল ৷  সেই জটিল কামটোকে সহজ কৰিবলৈ নিজ চেষ্টাৰ বলত ওলোটাকৈ লিখি উলিয়ালে কেইবাখনো কিতাপ ৷ ইংৰাজী, হিন্দী, বাংলা, অসমীয়া আদি কেইবাটাও ভাষাত ৷

বাইবেলখন ইংৰাজীত, নামঘোষাখন অসমীয়াত, ভাগৱতখন হিন্দীত লিখি উলিয়াই বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হয় উত্তম দাস ৷ এই সকলোবোৰ কিতাপ ওলোটা আখৰেৰে লিখা ৷ কিতাপবোৰ কেৱল দাপোনতহে পঢ়িব পাৰি ৷ এই কলা শৈলী প্ৰতিভাৰ বাবেই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷ ক্ৰমে লিমকা বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ড, ইণ্ডিয়া বুক অৱ্ ৰেকৰ্ড, এছিয়া বুক অৱ্ ৰেকৰ্ডকে আদি কৰি ১৫/১৬ টা কৈ স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে উত্তম দাসে ৷

লগতে পঢ়ক : Jonai Girl Wins Beauty Pageant: সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন দিপ্তীপ্ৰিয়া বড়িৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.