ETV Bharat / state

Jonai Girl Wins Beauty Pageant: সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন দিপ্তীপ্ৰিয়া বড়িৰ

author img

By

Published : Aug 1, 2023, 5:19 PM IST

জোনাইৰ এগৰাকী যুৱতীৰ সাফল্য । ৰাজ্যিক ভিত্তিত অনুষ্ঠিত সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন কৰে জোনাইৰ দিপ্তীপ্ৰিয়া বড়ি নামৰ যুৱতীগৰাকীয়ে ।

Winner title in beauty pageant in Jonai
সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন দিপ্তীপ্ৰিয়া বড়িৰ

সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ অৰ্জন দিপ্তীপ্ৰিয়া বড়িৰ

জোনাই,১ আগষ্ট: ক্ৰীড়া, অভিনয় ক্ষেত্ৰখনৰ দৰে ৰাজ্যত মডেলিঙৰ জগতখনৰ প্ৰতিও নৱপ্ৰজন্ম যথেষ্ট আগ্ৰহী হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাইতো এতিয়া মডেলিং তথা সৌন্দৰ্য চৰ্চাৰ প্ৰতি আকৰ্ষিত হৈছে বহু যুৱতী । ইয়াৰ মাজতে জোনাই এগৰাকী যুৱতীয়ে সৌন্দৰ্য চৰ্চাত আজুৰিলে বিজয়ী খিতাপ ।

লখিমপুৰ জাগৃতি সংগীত কলা একাডেমীৰ উদ্যোগত যোৱা ২৫ জুলাই তাৰিখে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল Mr and Miss Glamours and Glamour শীৰ্ষক সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত চৰ্চাৰ বিজয়ী খিতাপ দখল কৰি জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় জোনাইৰ জীয়ৰি দিপ্তীপ্ৰিয়া বড়ি ।

লখিমপুৰত অনুষ্ঠিত হোৱা এই সৌন্দৰ্য চৰ্চা প্ৰতিযোগিতাত বিজয়ী খিতাপ দখল কৰাৰ পিছতে ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন মডেলিং প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ সুবিধা পাবলৈ সক্ষম হৈছে দিপ্তীপ্ৰিয়া বড়িয়ে । জোনাইৰ বৈকুণ্ঠপুৰ গাঁৱৰ নিবাসী জগদীশ বড়ি আৰু কবিতা বড়িৰ জীয়াৰি দিপ্তীপ্ৰিয়া বড়িয়ে শিক্ষাৰ মাজতে সৰুৰে পৰা জড়িত আছিল মডেলিং জগতত ।

লগতে পঢ়ক: Red caterpillars terror: বিছাই জ্বলা-কলা খুৱাইছে মৰাপাট খেতিয়কক

ইয়াৰ পূৰ্বেও দিপ্তীপ্ৰিয়া বড়িয়ে বিভিন্ন স্থানত ঠাইত মডেলিং তথা বিভিন্ন ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, দিপ্তীপ্ৰিয়া বড়ি এগৰাকী সফল মডেলিঙেই নহয় অভিনয় জগতৰ ক্ষেত্ৰখনতো দক্ষতাৰে কাম কৰি আছে । দিপ্তীপ্ৰিয়া বড়িৰ এনে সাফল্যত আনন্দত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ ।

অঞ্চলটোৰ ৰাইজে দিপ্তিপ্ৰিয়াৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ লগতে শুভেচ্ছাৰে ওপচাই তোলে । লগতে ভৱিষ্যতে দিপ্তিপ্ৰিয়াই এগৰাকী সফল মডেল হোৱাৰ আশা মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত । তেওঁ কয় যে, পঢ়া-শুনাৰ মাজতে এই ক্ষেত্ৰখনত আগুৱাই যাবলৈ যথেষ্ট কষ্টকৰ যদিও তেওঁৰ এই যাত্ৰা অব্যাহত থাকিব ।

লগতে পঢ়ক: Ripun Bora Press Meet:ছিণ্ডিকেটৰ বাবে ৰাজ্যত মূল্যবৃদ্ধি হৈছে, দাবী TMC নেতা ৰিপুণ বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.