Mock drill on Covid 19: ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজি জিলা স্বাস্থ্য বিভাগ

By

Published : Dec 28, 2022, 11:52 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ উদ্বিগ্ন বিশ্ববাসী ৷ চীনত ক‘ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি এইবাৰ সমগ্ৰ দেশে আগতীয়াকৈ অৱলম্বন কৰিছে বিভিন্ন সতৰ্কতা বিধি (Mock drill on Covid 19) ৷ ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয়ৰ নিৰ্দেশ মতে, দেশৰ বিভিন্ন প্ৰান্তৰ স্বাস্থ্যখণ্ডসমূহত মংগলবাৰে মকড্ৰিল অনুষ্ঠিত কৰে ৷ একেদৰে ৰাজ্য চৰকাৰৰ নিৰ্দেশত ধেমাজিৰ জিলা স্বাস্থ্য বিভাগেও ধেমাজি অসামৰিক চিকিৎসালয়ত মকড্ৰিলৰ কাৰ্যসূচী অনুষ্ঠিত কৰি ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হোৱা বুলি জানিবলৈ পৰা গৈছে(Covid 19 in Assam) ৷ ধেমাজি জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জগত মোহন প্ৰসাদে জানিবলৈ দিয়া অনুসৰি, ক’ভিডকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজি জিলা স্বাস্থ্য বিভাগে। ধেমাজি সদৰত ২৪ খন বিচনা সাজু কৰাৰ লগতে চিলাপথাৰ, গোগামুখ ,মাছখোৱা আদি স্বাস্থ্যখণ্ডত ৫খনকৈ বিচনা, অক্সিজেন, পিপিই কিট, মাস্ক আদি মজুত কৰি ৰখা হৈছে ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.