DGP GP Singh : এন এল এফ বিৰ সদস্যৰ মনত অসন্তুষ্টি থকাৰ সম্ভাৱনা ব্যক্ত জি পি সিঙৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:54 PM IST

thumbnail

গুৱাহাটী, ২০ অক্টোবৰ : মূলসূঁতিলৈ ঘূৰি অহা এন এল এফ বিৰ প্ৰাক্তন কেডাৰসকলক আজি গুৱাহাটীৰ কলাক্ষেত্ৰত চৰকাৰীভাৱে আৰ্থিক অনুদান আগবঢ়োৱা হয় । এই আৰ্থিক অনুদান প্ৰদান অনুষ্ঠানত উপস্থিত নাছিল সংগঠনটোৰ একাংশ কেডাৰ । এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে এন এল এফ বিৰ সকলো কেডাৰে মূলসূঁতিলৈ ঘূৰি আহিছে । আজিৰ অনুষ্ঠানত একাংশ সদস্য অহা নাই । কি কাৰণে অহা নাই সেইটো পৰ্যবেক্ষণ কৰা হৈছে বুলি সদৰী কৰি তেওঁ কয় যে হয়তো মাজতে 'নিয়া'ৰ গোচৰত বাথাক গ্ৰেপ্তাৰ কৰাক লৈ তেওঁলোকৰ মাজত কিবা অসন্তুষ্টি থাকিব পাৰে । নতুবা চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কিবা নোপোৱাৰ অসন্তুষ্টি থাকিব পাৰে । অনুষ্ঠানলৈ নহাসকলৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক কোৱা হৈছে বুলি তেওঁ কয় । 

তেওঁ লগতে কয় যে ব্লেকমেইলিঙত কেতিয়াও আত্মসমৰ্পন কৰোৱা নহয় । অসমত কোনো ধৰণৰ সন্ত্ৰাসবাদ তথা অপৰাধমূলক কাৰ্যকলাপক প্ৰশ্ৰয় দিয়া নহ'ব বুলি স্পষ্টভাৱে উল্লেখ কৰি তেওঁ কয় যে বিগত ডেৰ বছৰত মাৰণাস্ত্ৰ জব্দ কৰাৰ কাম কৰি থকা হৈছে । অসমক মাৰণাস্ত্ৰমুক্ত কৰাৰ বাবে আৰক্ষীয়ে কাম কৰি আছে । বিগত তিনি বছৰত প্ৰায় ১৫০০ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Pakistani Spy Arrested: পাকিস্তানলৈ তথ্য প্ৰেৰণ; পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ গুজৰাট এটিএছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.