Sankardev Sangha Conference: দ্বিতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

By

Published : Feb 11, 2023, 8:59 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

জোনাই, ১১ ফেব্ৰুৱাৰী: ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই অধিৱেশনৰ আজি দ্বিতীয়টো দিন (92st Srimanta Sankardev Sangha Annual Conference) ৷ 

দ্বিতীয়টো দিনৰ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনস্থলী(92nd Sankardev Sangha Conference in Jonai) শনিবাৰে পুৱাৰে পৰাই উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত হয় ৷ পুৱাৰে পৰা হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ লগতে অধিৱেশনস্থলীত সমাৱেশ ঘটিল লক্ষাধিক ভক্তৰ (Devotees gathered at Paramanand Ata Samannya Kshetra) ৷

হয়, হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে চিমেন চাপৰিৰ পৰমানন্দ আতা ক্ষেত্ৰ (Paramanand Ata Samannya Kshetra) ৷ অধিৱেশনৰ দ্বিতীয়টো দিনা পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰাসংগৰে আৰম্ভ কৰা হয় কাৰ্যসূচী ৷ ইয়াৰ পিছতে নাম প্ৰসংগ পৰিৱেশন কৰা হয় ৷ ইফালে শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত প্ৰতিখন জিলা শাখাৰ সভাপতি, সম্পাদক সন্মিলনখন অনুষ্ঠিত হয় ৷  দুপৰীয়ালৈ অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন (Devotees gathered in Jonai) ৷

লগতে পঢ়ক: Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

উল্লেখ্য যে, অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান হৈছে শ্ৰীমন্ত শকংৰদেৱ সংঘ (Srimanta Sankaradeva Sangha)। মহাপুৰুষ শ্ৰীমন্ত শকংৰদেৱৰ আদৰ্শ আৰু সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল লক্ষ্য । সংঘৰ নিজা সংবিধান আৰু গুৰুজনাৰ জন্মৰ পৰা গণনা কৰা শংকৰাব্দ নামৰ দিনপঞ্জী আছে ।

গুৰুজনাই দেখুৱাই থৈ যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল । শ্ৰীমন্ত শকংৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ নতুন এখন জিলাত অনুষ্ঠিত কৰা হয় । এই অধিৱেশনত লক্ষাধিক লোকৰ সমাগম হৈ আহিছে ।

লগতে পঢ়ক: Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.