দলঙৰ অভাৱত জীয়াতু ভুগিছে জোনাইৰ ৰাইজে

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 3:34 PM IST

thumbnail

জোনাই, ১৩ জানুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তর্গত ২ নং বাহিৰ জোনাই ভকত চুক গাঁৱৰ সমীপতে থকা গনাং পাবক নদীৰ ওপৰত আজিকোপতি এখন দলং নথকাত ৰাইজে যাতায়তন ক্ষেত্ৰত ভুগিছে যমৰ যাতনা । বাৰিষাৰ কথাটো বাদেই, খৰালিটো এই অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে চৰম যাতনা । দীৰ্ঘদিন ধৰি বাহিৰ জোনাইৰ গড়কাপ্তিনী পথৰ পৰা ২ নং বাহিৰ জোনাই ভকত চুক হৈ মুকলি পথাৰ, মেডেলা, ৰতনপুৰ, অভয়পুৰ সংযোগী পথৰ ওপৰত থকা গনাং পাবক নলাৰ ওপৰত দলং নথকাত ৰাইজে দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে ।

প্ৰতি বছৰে ৰাইজৰ দান-বৰঙণি আৰু শ্রমদানেৰে কোনোমতে বাহৰ দলং সাজি ৰাইজে অব্যাহত ৰাখিছে যাতায়ত । ফলত অঞ্চলটোৰ কণকণ ছাত্র-ছাত্রী, ৰোগী, ৰাইজে অব্যাহত ৰাখিছে এক বিপদ সংকুল যাত্রা । অকল এয়াই নহয়, চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা ২ নং বাহিৰ জোনাই ভকত চুক গাঁৱৰ মাজেৰে যোৱা জৰাজীৰ্ণ পথচোৱা এজাক বৰষুণ দিলেই একাঠু বোকা-পানীৰে পৰিপূৰ্ণ হয় । যাৰ ফলত কণ কণ ছাত্র-ছাত্রীকে ধৰি, ৰোগী ৰাইজে সন্মুখীন হবলগীয়া হয় এশ এবুৰি সমস্যাৰ ।  

সেয়ে উক্ত নলাৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ লগতে জৰাজীৰ্ণ পথটো পকী কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে । ইফালে, সম্মলিত গণশক্তি অসম দলৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়ত নদীখনৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে । পূৱ জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৱে কয় যে এই অঞ্চলটোত ৰাইজে যাতায়তৰ ক্ষেত্ৰত সমস্য়াৰ সন্মুখীন হৈ আহিছে । তেওঁ চৰকাৰক ইয়াত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনায় ।

পথাৰ এৰি ৰাজপথত ব্যতিক্ৰমী ৰূপত ভেলা ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.