Dead body recovered: বেলতলাত যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:14 PM IST

thumbnail

গুৱাহাটী, ২৫ আগষ্ট: মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ। বেলতলাৰ সত্যপুৰ পথত উদ্ধাৰ কৰা হৈছে এটা অৰ্ধগলিত মৃতদেহ ৷  জানিব পৰা মতে গৃহ নম্বৰ ৮ ৰ ভাড়াতীয়া কোঠাৰ পৰা অৰ্ধগলিত মৃতদেহৰ দুৰ্গন্ধ বিয়পি পৰিছিল সমগ্ৰ অঞ্চলটোত। ঘৰটোৰগৰাকী দ্বীপেন শৰ্মাই জনোৱা মতে শ্বাহনাবাজ মালিক নামৰ যুৱকজনে নিজ পিতৃৰ সতে আছিল ভাড়াঘৰত। শেহতীয়াকৈ পিতৃ বিহাৰ যোৱাৰ পিচত অকলে আছিল যুৱকজন। বেলতলা বজাৰত S.SHOE SINE নামেৰে এখন জোতা-ছেণ্ডেলৰ দোকান চলাই জীৱন নিৰ্বাহ কৰি আছিল পিতা-পুত্ৰই। 

বৃহস্পতিবাৰে বন্ধ আছিল দোকানখন। ইফালে তেওঁলোক থকা কোঠাৰ পৰা দুৰ্গন্ধময় গোন্ধ বিয়পি পৰাৰ লগে লগে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে অঞ্চলটোত। ইয়াৰ পিচতে শুকুৰবাৰে পুৱা আৰক্ষীক খবৰ দিয়াৰ লগে লগে দিছপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । লগতে ফৰেঞ্চিকৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয়। 

যিহেতু কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ আছিল সেয়ে দিছপুৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ উপস্থিতিত তলা ভাঙি প্ৰৱেশ কৰি মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । প্ৰথমে যদিও ই এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ হৈছিল পিচলৈ ই এক উচ্চ ৰক্তচাপজনিত ৰোগত স্বাভাৱিক মৃত্যু বুলি ধাৰণা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ৷

লগতে পঢ়ক: Murder at Changsari: সহকৰ্মীয়ে নৃশংসভাৱে মৰিয়াই হত্য়া কৰিলে এইমছৰ কৰ্মচাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.