দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে টীয়কৰ ৰাজপথত জিলা আয়ুক্তৰ সজাগতা অভিযান

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:57 PM IST

thumbnail

টীয়ক, ২৪ ডিচেম্বৰ: টীয়কৰ ৰাজপথত নিশা যোৰহাটৰ জিলা আয়ুক্ত উপস্থিত হৈ পথ সুৰক্ষাৰ বাবে সৰ্বসাধাৰণ ৰাইজকে প্ৰমুখ্য কৰি দুচকীয়া- চাৰিচকীয়া বাহনৰ চালকক ল'বলগীয়া সাৱধানতা সম্পৰ্কে সজাগ হ'বলৈ আহ্বান জনায় । জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক বাঢ়ি অহা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা আয়ুক্তই জিলাখনৰ বিভিন্ন ঠাইত দুৰ্ঘটনা ৰোধৰ বাবে নৈশ এইদৰে তদাৰক কৰিছে । বিশেষকৈ সুৰামত্ত হৈ গাড়ী চলোৱা, হেলমেট পৰিধান নকৰা যাত্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে যোৰহাট জিলা প্ৰশাসন ।  

আনহাতে, চাৰিলেনযুক্ত পথৰ কামো জানুৱাৰীৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি কয় জিলা আয়ুক্ত গৰাকীয়ে । সেয়ে এই পথৰ ত্ৰুটিসমূহ অচিৰেই দুৰ হ'ব বুলি আশা প্ৰকাশ কৰি সকলোকে নীতি -নিয়ম অৱলম্বন কৰি পথত যাতায়ত কৰিবলৈ আহ্বান জনাই আয়ুক্ত গৰাকীয়ে । উল্লেখযোগ্য যে যোৱা বৰ্ষত যোৰহাট জিলাত ৫৯ গৰাকী চালক দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে । তাৰে অধিকাংশই হেলমেট নিপিন্ধাৰ ফলত অকাল মৃত্যুক সাৱটি ল'বলগা হৈছে । সেয়ে আৰু যাতে ৰাজপথেই হওক বা অন্যান্য পথতেই হওক আৰু অকাল মৃত্যু সংঘটিত নহয় তাৰ প্ৰতি প্ৰতিগৰাকী ব্যক্তি তথা পৰিয়ালৰ সদস্যক সতৰ্ক হ'বলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে । অন্যথা ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত জিলা আয়ুক্ত তথা প্ৰশাসন আৰু অধিক কঠোৰ হ'ব বুলি তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক:Accident in Railway yard: ট্ৰাকৰ চেপাত কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.