Football tournament: টিংখাঙত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 2:36 PM IST

thumbnail

টিংখাং,৯ নৱেম্বৰ: টিংখাঙত ফুটবলৰ জ্বৰ । ফুটবল খেল উপভোগ কৰিবলৈ কুঁৱলীসনা শীতকো নেওচি সমবেত হ'ল হেজাৰ হেজাৰ দৰ্শক । উপস্থিত থাকিল স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়া । টিংখাঙৰ জোকতলী চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ বুধবাৰে নিশা সফল সামৰণি পৰে । বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত তথা সমূহ জোকতলী চাহ বাগিচাৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় তিলৈজান বনাম শিংলিজান চাহ বাগিচা ফুটবল দলৰ মাজত ।  

স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই শুভ উদ্বোধন কৰা দিবা-নৈশ খেলখন উপভোগ কৰিবলৈ কুঁৱলীৰ চাদৰ নেওচি হিল-দ'ল ভাঙি আহিল হাজাৰ হাজাৰ ফুটবলপ্ৰেমী । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত তিলৈজান ফুটবল দলে শিংলিজান চাহ বাগিচা ফুটবল দলক ট্ৰাইব্ৰেকাৰৰ সহায়ত পৰাস্ত কৰিবলৈ সক্ষম হয় ।  

লগতে পঢ়ক: Pottery industry in Assam : দীপান্বিতাক লৈ বৃদ্ধি মৃৎশিল্পীৰ ব্যস্ততা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.