ETV Bharat / state

Pottery industry in Assam : দীপান্বিতাক লৈ বৃদ্ধি মৃৎশিল্পীৰ ব্যস্ততা

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 11:54 AM IST

চীনা ৰং-বিৰঙী লাইট আৰু চাকিয়ে বজাৰ দখল কৰিলেও দীপান্বিতাক লৈ বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ ব্যস্ততা ৷ পোহৰৰ উৎসৱক লৈ ২.৫০ লাখ মাটিৰ চাকি প্ৰস্তুত কৰিছে টিংখাঙৰ মৃৎশিল্পীৰ পৰিয়ালে ৷

Pottery industry in Assam
সন্মুখত পোহৰৰ উৎসৱ দীপান্বিতা

সন্মুখত পোহৰৰ উৎসৱ দীপান্বিতা

ডিব্ৰুগড়, ৯ নৱেম্বৰ : সন্মুখত পোহৰৰ উৎসৱ দীপান্বিতা । দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকেৰে উজ্জ্বলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে মাটিৰ খনিকৰসকলে । আপোনাৰ, মোৰ ঘৰ আৰু পদূলিমুখ আলোক সজ্জাৰে উজ্জ্বল কৰি জিলিকাই তুলিবলৈ মৃৎশিল্পীসকলে সাঁজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি । দীপান্বিতাৰ পূৰ্বে ডিব্ৰুগড়ৰ জিলা টিংখাঙৰ এই পৰিয়ালটোত এতিয়া ভীষণ ব্যস্ততা । মূৰ তুলিবলৈয়ো আহৰি নাই ৷

দিনে-নিশাই কুমাৰশালীত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত এওঁলোক । আমি উল্লেখ কৰা এই পৰিয়ালটোৰ ঘৰৰ ভিতৰে-বাহিৰে কেৱল শাৰী-শাৰীকৈ সঁজাই থোৱা হৈছে মাটিৰ চাকিসমূহ । টিংখাঙৰ সৰুজনী চাহ বাগিচাৰ অন্তৰ্গত মাজগাঁৱৰ ফেকু পণ্ডিত আৰু ৰাজেশ পণ্ডিত নামৰ পিতা-পুত্ৰৰ এই মৃৎ উদ্যোগটোৱে সুদীৰ্ঘ বছৰ ধৰি টিংখাঙৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত মাটি-চাকিৰ যোগান ধৰি আহিছে ।

বিশেষকৈ দীপান্বিতাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি হয় ইয়াৰ চাহিদা । এইবাৰ প্ৰায় ২.৫০ লাখ মাটিৰ চাকি প্ৰস্তুত কৰাৰ লক্ষ্য বান্ধি লৈছে ফেকু পণ্ডিত আৰু ৰাজেশ পণ্ডিত নামৰ পিতা-পুত্ৰই ৷ বৰ্তমান প্ৰতি হাজাৰত ১০০০ টকাকৈ পাইকাৰী হাৰত বিক্ৰী কৰা হৈছে এই মাটিৰ চাকিসমূহ ।

ফেকু পণ্ডিতৰ এই ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে বৰ্তমানে অন্য দুজন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে । ইফালে বজাৰত চীনা ৰং-বিৰঙী লাইট আৰু চাকিৰ প্ৰয়োভৰে থলোৱা উদ্যোগীসকলৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মৃৎ শিল্পীসকলে ।

ইফালে মাটিৰ চাকিৰ লেখিয়াকৈ বহু চীনা সামগ্ৰীও প্ৰয়োভৰ হৈছে বজাৰত ৷ এই ক্ষেত্ৰত কিছু কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন ৷

লগতে পঢ়ক : Pottery industry in Assam: ৰং-বিৰঙী লাইটে সমস্যাত পেলাইছে মৃৎ শিল্পীসকলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.