Dacoit Arrested in Darrang : দৰঙত মৰণাস্ত্ৰসহ ডকাইত গ্ৰেপ্তাৰ

By

Published : Jan 31, 2023, 3:15 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মঙলদৈ,৩১ জানুৱাৰী: দৰং আৰক্ষীৰ বৃহৎ সফলতা (Darrang police success against criminals) । দৰঙত মৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ তিনিটা ডকাইত (dacoit arrested in darrang) । এক বিশেষ সূত্ৰৰ পমখেদি গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক । পথৰুঘাট আৰক্ষী থানাৰ অন্তৰ্গত গোমঠাপাৰা গাঁৱৰ নদীৰ সমীপৰ ঘন জংঘলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইত তিনিটা (dacoit arrested with arms in Darrang)  ৷ 

উল্লেখ্য, অঞ্চলটোত ডকাইতি কৰাৰ উদ্দেশ্যৰে বাহৰ পাতিছিল এই তিনিজনীয়া ডকাইতৰ দলটোৱে  ৷ উল্লেখ্য যে ধৃত ডকাইত তিনিটাৰ এটা স্থানীয় । আনহাতে, আন দুটা ডকাইতৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে (dacoit from out of state arrested in Darranga) । অঞ্চলটোৰ ঘন জংঘলত বাহৰ পাতি ডকাইতৰ দলটোৱে অঞ্চলটোত ডকাইতিৰ পৰিকল্পনা কৰি থকাৰ সময়তে পথৰুঘাট আৰক্ষীচকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ 

লগতে ডকাইতৰ দলটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল আৰু পাঁচ জাঁই সজীৱ গুলীও আৰক্ষীয়ে জব্দ কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ডকাইত তিনিটাক সোধাপোছা অব্যাহত ৰখাৰ লগতে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে (dacoit arrested in Patharighat Darrang)  ৷ উল্লেখ্য, যে দৰঙৰ বিভিন্ন স্থানত সময়ে সময়ে ডকাইতিৰ ঘটনা সংঘটিত হৈ আহিছে । ঘৰত মানুহ নথকাৰ সুবিধা লৈ বা মানুহ থাকিলেও ভয়-ভাবুকিৰে বিভিন্ন লোকৰ ঘৰত ডকাইতিকাণ্ড সংঘটিত হৈ আহিছে । 

ইয়াৰ উপৰি পথৰ কাষৰ দোকান বা ঘাইপথৰ গাড়ীতো এনেধৰণৰ ডকাইতি কাণ্ড সময়ে সময়ে সংঘটিত হৈ আহিছে । কোনো কোনো ক্ষেত্ৰত আকৌ একেটা নিশাতে একেলেথাৰিয়ে কেইবাটাও ঘৰ বা কেইবাখনো দোকানতো ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰো উদাহৰণ আছে । আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো সংঘটিত হৈ অহা এনেধৰণৰ ডকাইতি কাৰ্যবোৰে আৰক্ষীৰ বিফলতাকে প্ৰকাশ কৰে বুলি বিভিন্ন সময়ত চৰ্চা হৈ আহিছে । 

আনহাতে, এই ডকাইতি কাৰ্য সংঘটিত কৰা একো একোটা দলত স্থানীয় ব্যক্তিৰ লগতে বিভিন্ন প্ৰান্তৰ ডকাইতো জড়িত থকাৰ প্ৰমাণ ইতিমধ্যে লাভ কৰা হৈছে । এক কথাত ক'বলৈ হ'লে এই ডকাইতি চক্ৰটোৰ এক বৃহৎ নেটৱৰ্ক আছে । যাৰ দ্বাৰা এই নেটৱৰ্কে বিভিন্ন স্থানত ডকাইতি কাৰ্য সংঘটিত কৰাৰ বিভিন্ন পৰিকল্পনা কৰে । শেহতীয়াভাৱে পাথৰিঘাটত গ্ৰেপ্তাৰ হোৱা এই ডকাইতৰ দলটো তেনে এক নেটৱৰ্কৰে অংশ হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে । 

লগতে পঢ়ক: Foot over bridge inaugurated by CM: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ফুট অভাৰব্ৰীজ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.