ETV Bharat / state

Foot over bridge inaugurated by CM: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ফুট অভাৰব্ৰীজ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jan 31, 2023, 12:45 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দীৰ্ঘদিনীয়া এটা অভাৱ দূৰ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা ফুটব্ৰীজখনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Foot over bridge inaugurated by CM) ৷

CM Himanta Biswa Sarma inaugurated flyover near Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ উৰণীয়া সেঁতু উদ্বোধন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ উৰণীয়া সেঁতু উদ্বোধন

ডিব্ৰুগড়, 31 জানুৱাৰী: ডিব্ৰুগড় চহৰৰ বাবে সোমবাৰৰ দিনটো আছিল এটা ঐতিহাসিক দিন । কিয়নো ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেটত অংশ লৈ ডিব্ৰুগড়ৰ ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে (Cabinet Meeting in Dibrugarh) । ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ডিব্ৰুগড়ত সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লোক নিৰ্মাণ বিভাগে স্ব-অধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১১ কোটি টকাৰে ২০২০-২০২১ বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ফুট অভাৰব্ৰীজখন ৰাইজৰ বাবে মুকলি কৰে (Flyover in front of Dibrugarh University) ।

প্ৰায় ডেৰটা বছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ফুট অভাৰব্ৰীজখন সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে (Assam CM inaugurated flyover in Dibrugarh) ।

এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, অশোক সিংঘাল, সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ আৰু ছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত অত্যাধুনিক ফুট অভাৰব্ৰীজখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে (HBS inaugurated flyover near Dibrugarh University)।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিনৰ পৰাই এই ফুট অভাৰব্ৰীজখন নিৰ্মাণৰ দাবী কৰি আহিছিল ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই ফুট অভাৰব্ৰীজখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰাপাৰ হোৱাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে দীৰ্ঘদিনে যি বিপদসংকুল যাত্ৰা কৰিছিল, তাৰ এক স্থায়ী সমাধান হ’ল ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ফুট অভাৰব্ৰীজখনৰ শুভ উদ্বোধন কৰাৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা আন কেইবাটাও অনুষ্ঠানতো অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰৰ অভিলাষী আঁচনিৰ যোগেদি নিৰ্মাণ হোৱা জলসম্পদ বিভাগৰ অত্যাধুনিক অতিথিশালাটোৰো শুভ উদ্বোধন কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱি, শিক্ষাবিদসকলৰ লগত এক অন্তৰঙ্গ আলাপতো মিলিত হয় ।

ডিব্ৰুগড়ৰ ৰাইজৰ বাবে কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে উপস্থিত থকা জেষ্ঠ নাগৰিকসকলক অৱগত কৰে আৰু তেওঁলোকৰ পৰা পৰামৰ্শও গ্ৰহণ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে চহৰখনৰ বৈৰাগীমঠত টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ ভৱন আৰু ফুলবাগানত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ এটি অত্যাধুনিক ভৱনো ৰাইজলৈ মুকলি কৰে ।

টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ চৰ্চা-গৱেষণা আৰু বিকাশৰ জৰিয়তে বৃহত্তৰ অসমীয়া জাতিসত্তাক অধিক উজ্জীৱিত কৰাৰ উদ্দেশ্যৰে উত্তৰ-পূব পৰিষদৰ ৩.৩৩ কোটি টকা অনুদানেৰে নিৰ্মাণ কৰা হৈছে টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰৰ নতুন ভৱনটো ।

লগতে পঢ়ক: CM Secretariat Office in Dibrugarh: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যালয় নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.