মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত বৃহৎ চাইকেল ৰেলী

By

Published : Aug 14, 2022, 6:58 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱে (Azadi Ka Amrit Mahotsav) ইতিমধ্যে বিশেষ সমাদৰ লাভ কৰিছে । দেশৰ প্ৰতিটো প্ৰান্তত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশস্বৰূপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । অসমৰো প্ৰতিখন জিলাতে দেখা গৈছে ব্যতিক্ৰমী পদক্ষেপ । অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক সকলো ব্যস্ত এই কাৰ্যসূচী সফল কৰাত । বিশেষকৈ ঘৰে ঘৰে জাতীয় পতাকা (Har Ghar Tiranga) অভিযান সফল কৰাৰ বাবে শাসকীয় বিজেপিৰ নেতা-মন্ত্ৰীসকলৰ ব্যস্ত হৈ পৰিছে । ডিব্ৰুগড়ৰ মৰাণতো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে (Cycle rally in Moran as part of Azadi Ka Amrit Mahotsav)। তাৰ অংশ হিচাপে দেওবাৰে পুৱাই মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত উলিওৱা হয় এক বৃহৎ চাইকেল ৰেলীৰ (MLA Chakradhar Gogoi participates in cycle rally at Moran)। চাইকেল ৰেলীত অংশগ্ৰহণ কৰিলে মৰাণৰ শতাধিক যুৱক-যুৱতীয়ে । ৰেলীত অংশগ্ৰহণ কৰি বিধায়ক চক্ৰধৰ গগৈয়ে শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.