College Week of Beltola College: মহাবিদ্যালয় সপ্তাহ উপলক্ষে বেলতলা কলেজৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Feb 21, 2023, 5:32 PM IST

thumbnail

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : ৰাজ্যৰ প্ৰায় সংখ্যক মহাবিদ্যালয়তে আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ । মহাবিদ্যালয় সপ্তাহ উপলক্ষে চলি আছে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা । ঠিক একেদৰে সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত বেলতলা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে মহাবিদ্যালয় সপ্তাহ (college week of Beltola College) । এই উপলক্ষে পুৱাৰ ভাগত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী । পতাকা উত্তোলন কৰে বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত বৰকটকীয়ে ।

আনহাতে, মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় (Cultural procession of Beltola College) । অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ ঘটা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৰ্ষিত কৰি তোলে । শোভাযাত্ৰাত অসমীয়া, বড়ো, ৰাভা, মিচিং, চাওতাল, তিৱা আদি জনগোষ্ঠীৰ বিহু, বাগৰুম্বা, ঝুমুৰ আদি নৃত্য তথা সংস্কৃতিয়ে প্ৰাধান্য লাভ কৰে । ইয়াৰ উপৰি অসমীয়া পৰম্পৰাগত বিয়াৰ দৃশ্যও প্ৰতীকী ৰূপত দেখুওৱা হয় (Beltola College under Gauhati University) ।

শোভাযাত্ৰাত প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে । আনহাতে, শোভাযাত্ৰাৰ অন্তত মহাবিদ্যালয়খনৰ অধ্যক্ষ অজিত বৰকটকীয়ে কয়, "মহাবিদ্যালয় সপ্তাহৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ নিজৰ মাজৰ অন্তৰ্নিহিত প্ৰতিভাৰ বিকাশ হয় । সেয়েহে প্ৰত্যেক বছৰৰ দৰে এইবেলিও মহাবিদ্যালয় সপ্তাহৰ আযোজন কৰা হৈছে ।" উল্লেখ্য, সোমবাৰৰ পৰা আৰম্ভ হোৱা এই মহাবিদ্যালয় সপ্তাহ অহা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে NAAC-ৰ মূল্যায়নত B+ গ্ৰেড লাভ কৰিছিল বেলতলা মহাবিদ্যালয়ে (NAAC assessment in Beltola College) । তাৰ পিছতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত উপস্থিত হৈ মহাবিদ্যালয়খন পৰিদৰ্শন কৰে (Nani Gopal Mahanta visit Beltola College) । মহাবিদ্যালয়খনৰ পৰিবেশত সন্তুষ্ট হৈ শীঘ্ৰে বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ কথাও ঘোষণা কৰে ননীগোপাল মহন্তই ।

লগতে পঢ়ক :Rain in Guwahati : অৱশেষত আহিল গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত বৰষুণজাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.