Crime branch raid: ভুৱা কল চেণ্টাৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 3:10 PM IST

thumbnail

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। ভুৱা কল কৰি বহু লোকক  লুণ্ঠন চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ এই অভিযোগৰ ভিত্তিতেই মহানগৰীৰ বহু অবৈধ কল চেন্টাৰত অভিযান চলাইছে ক্ৰাইম বাঞ্চৰ দলে। 

বৃহস্পতিবাৰৰ নিশাৰ পৰাই মহানগৰীৰ বামুনীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত অভিযান অব্যাহত আছে । মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ নেতৃত্বত মহানগৰীত এই অভিযান চলা বুলি জানিব পৰা গৈছে ৷  জানিবৰ পৰামতে নয়ডাৰ পৰা পৰিচালিত ৰাজগড়স্থিত কল চেন্টাৰটোৰ কোনো নামেই নাছিলে । বহিঃৰাজ্যৰ পৰা একাংশ লোক আহি এনেদৰে ৰাজ্যবাসীক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । 

ইফালে এই ঘটনাত প্ৰাক্তন IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমানৰ নাম সাঙোৰ খাইছে বুলি জানিব পৰা গৈছে ৷ নিশা গান্ধীবস্তিৰ শুভম এপাৰ্টমেণ্টত থকা আতিকা চুলতানাৰ ঘৰটো অভিযান চলাইছিল অভিযানকাৰী দলটোৱে ৷ আজি পৰ্যন্ত চলি থকা এই অভিযানৰ কোনো তথ্য আৰক্ষীয়ে বৰ্তমানলৈ আনুষ্ঠানিকভাৱে সদৰী কৰা নাই ৷

লগতে পঢ়ক: Brutal murder Morigaon: পৰকীয়া প্ৰেমৰ বাটত বাধা আছিল স্বামী; প্ৰেমিকৰে মিলি আঁতৰালে বাধা !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.