ETV Bharat / state

Brutal murder Morigaon: পৰকীয়া প্ৰেমৰ বাটত বাধা আছিল স্বামী; প্ৰেমিকৰে মিলি আঁতৰালে বাধা !

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:54 AM IST

Crime news of Assam
জাগীৰোডত নৃশংস হত্যাকাণ্ড

মৰিগাঁও জিলাৰ জাগীৰোডত পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ জিঘাংসাৰ বলি হ'ল স্বামী আচাদুৰ ৰহমানৰ । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে অভিযুক্তক ফাঁচীৰ দাবী জনাইছে ।

জাগীৰোডত নৃশংস হত্যাকাণ্ড

মৰিগাঁও, ১৫ ছেপ্টেম্বৰ: যোৱা বুধবাৰে নিশা মৰিগাঁও জিলাৰ জাগীৰোডত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ জিঘাংসাৰ বলি হ'ল স্বামী আচাদুৰ ৰহমানৰ । এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি মহিলাগৰাকীয়ে স্বামীক ঠাণ্ডা পানীয়ৰ সৈতে ড্ৰাগছ মিহলাই নিচা হোৱাৰ পিছত অবৈধ প্ৰেমিকেৰে মিলি পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত কৰিছে । ইতিমধ্য়ে আৰক্ষীৰ তদন্তকাৰী দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰিছে ।

মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ঘটনাস্থলী পৰিদৰ্শন কৰি এই হত্য়াকাণ্ড বুলি কয় । এয়া এক সুপৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই । কাৰ্যতঃপৰকীয়া প্ৰেমিক চফিকুল ইছলামৰ সৈতে মিলি আচাদুৰ ৰহমানৰ পত্নীয়ে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সন্দেহ প্ৰকাশ কৰিছে ।

মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ ভাষ্য মতে স্বামী আচাদুৰ ৰহমানক পত্নী আৰু পৰকীয়া প্ৰেমিকে নিচা জাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা কৰিছিল । হত্যাকাণ্ডটোক দুৰ্ঘটনাৰ ৰূপ দিবলৈ মৃতদেহটো পেলাইছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত । গাড়ীচালক ৰন্টু বৰদলৈও সম্প্ৰতি আৰক্ষীৰ জালত । মৰিগাঁও আৰু জাগীৰোড আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদ মাধ্যমক সদৰী কৰা মতে, আচাদুৰ ৰহমান আৰু পত্নীৰ সংসাৰত দীৰ্ঘদিনীয়া সংঘাত আছিল । ৰাইজে একাধিকবাৰ বিচাৰ কৰি দিছিল । ইফালে, স্থানীয় গাঁওৰক্ষী বাহিনীৰ এগৰাকী মহিলাৰ ভাষ্য মতেও এয়া সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যাকাণ্ড । কাৰণ স্বামীক এৰি মহিলা গৰাকীয়ে পলায়ন কৰিছিল যদিও ল'ৰা-ছোৱালী কেইটাৰ মুখলৈ চাই পুনৰ চপাই আনিছিল পত্নীক । সন্দেহ কৰা মতে, স্বামীক শীতল পানীয়ৰ সৈতে ড্ৰাগছ মিহলাই খুৱাই নেলীৰ ফালে নি হত্যা কৰি লাহতী কোম্পানীৰ ওচৰত পেলাই থয় ।

লগতে পঢ়ক:ST categorization of the Koch-Rajbongshi community: জনজাতিকৰণৰ নামত জেলেপীৰ পাক কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.