ETV Bharat / state

ST categorization of the Koch-Rajbongshi community: জনজাতিকৰণৰ নামত জেলেপীৰ পাক কিয়?

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 9:53 PM IST

জনজাতিকৰণৰ ক্ষেত্ৰত কোচ-ৰাজবংশীসকলক জনজাতি সংঘৰে বৈঠক কৰিব দিয়াটো চৰম লজ্জাজনক আখ্যা কোচ-ৰাজবংশী জাতীয় পৰিষদৰ ৷ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক জনজাতিকৰণ কৰিব নে নাই ? জাতীয় অভিৱৰ্তনৰ জৰিয়তে সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ দাবী ৷

ST categorization of the Koch-Rajbongshi community
কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে

কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ নামত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আভুৱা ভঁৰাৰ অভিযোগ উত্থাপন কৰিছে কোচ-ৰাজবংশী জাতীয় পৰিষদে ৷ অসমৰ কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো সমাধান সূত্ৰ উদ্ভাৱনৰ উদ্দেশ্যেৰে যোৱা ১২ ছেপ্টেম্বৰত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আলোচনা কক্ষত আক্ৰাছুৰ সকলো বিভাজিত গোটৰ লগতে আন কেইটামান কোচ-ৰাজবংশী সংগঠনৰ সৈতে এক আলোচনাত বহিছিল মুখ্যমন্ত্ৰী ৷ মাত্ৰ নিৰ্বাচিত একাংশ নেতাক আলোচনালৈ মাতি তথাকথিত আলোচনাৰ নামত অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধানৰ নামত পুনৰ আভুৱা ভঁৰা বুলি কোচ-ৰাজবংশী জাতীয় পৰিষদে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰিছে ।

কোচ-ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে অসমৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ বিষয়টোৰ এক সু-সংহত সমাধান সূত্ৰ উদ্ভাৱনৰ কথা চিন্তা কৰিয়েই বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ স্বাস্থ্যমন্ত্ৰী তথা পাঁচ জনীয়া মন্ত্ৰীমণ্ডলৰ অধ্যক্ষ ড৹ হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনত খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ সভাকক্ষত অসমৰ সকলো কেইটা কোচ-ৰাজবংশী জাতীয় সংগঠনৰ লগত এক আনুষ্ঠানিক বৈঠকত মিলিত হৈছিল । এই বৈঠকতে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ এক গ্ৰহণযোগ্য সমাধান সূত্ৰৰ বিষয়ে ঘোষণা আগবঢ়াইছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উক্ত ঘোষণা মৰ্মে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীসকলক ভৈয়াম জনজাতিৰ মৰ্যদাৰ লগতে অসমৰ অন্যান্য জিলাৰ কোচ-ৰাজবংশীসকলক তৎকালেই জনজাতি(N) হিচাপে স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰীমণ্ডলৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দিয়াৰ কথা সদৰী কৰিছিল । উক্ত আলোচনাৰ কালচোৱাতে ড৹ শৰ্মাই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ আপত্তি নাই বুলিও সদৰী কৰিছিল ।

লগতে বিশ্বজিৎ ৰায়ে কয় যে এই প্ৰসংগত দুখ আৰু পৰিতাপৰ বিষয় এই যে মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰি সুদীৰ্ঘ দিনে জনজাতিকৰণৰ বিষয়টোৰ সন্দৰ্ভত বাস্তৱমুখী পদক্ষেপ লোৱাৰ সলনি জনগোষ্ঠীটোক জনজাতিকৰণৰ নামত এক প্ৰকাৰ প্ৰতাৰণাহে কৰিব বিচাৰিছে । কেন্দ্ৰ আৰু অসমত বিজেপি, দলৰ নেতৃত্বত দ্বিতীয়বাৰ চৰকাৰ গঠন হোৱাৰ পিচতো কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ইছ্যুটো ওলমিয়ে থাকিল । অসমৰ মুখ্যমন্ত্ৰীয়ে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীক ভৈয়াম জনজাতি আৰু অসমৰ অন্যান্য জিলাৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ নামত অতি শেহতীয়া জনজাতি সংঘৰে বৈঠক কৰিবলৈ পৰামৰ্শ দি কাৰ্যত এক ৰাজনৈতিক পাশা খেল খেলি জেলেপিৰ মেৰপেছত সোমোৱাব বিচাৰিছে বুলি অভিযোগ কোচ-ৰাজবংশী জাতীয় পৰিষদৰ ৷

কোচ-ৰাজবংশী জাতীয় পৰিষদৰ দুই নেতা বৰ্মন আৰু ৰায়ে বিভাজিত আক্ৰাছুৰ গোটকেইটাক জনজাতিকৰণৰ ক্ষেত্ৰত এই দোদুল্যমান পৰিস্থিতিত জনজাতি সংঘৰে বৈঠক কৰাৰ আগতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ সকলো জাতীয় সংগঠন আৰু বৌদ্ধিক মহলৰ উপস্থিতিত এক ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰি সৰ্বসন্মতভাৱে এক গ্ৰহণযোগ্য সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰাটো উচিত বুলি উল্লেখ কৰে । নেতাদ্বয়ে লগতে কয় যে জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অসম চৰকাৰৰ মন্ত্ৰীমণ্ডলৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰেহে অসমৰ কোচ-ৰাজবংশীক জনজাতিকৰণ কৰা নকৰাটো নিৰ্ভৰ কৰিছে । কোনো ট্ৰাইবেল সংঘৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণ নকৰিলে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰে তেওঁলোকে ৷

লগতে পঢ়ক: Koch Rajbongshi Sanmilani : আলোচনা নহ’লে পুনৰ বিকল্প সিদ্ধান্ত গ্ৰহণ কৰিব কে এল অ’ৱে; কোচ ৰাজবংশী সন্মিলনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.