Koch Rajbongshi Sanmilani : আলোচনা নহ’লে পুনৰ বিকল্প সিদ্ধান্ত গ্ৰহণ কৰিব কে এল অ’ৱে; কোচ ৰাজবংশী সন্মিলনী

author img

By

Published : Jan 23, 2023, 10:11 PM IST

Koch Rajbongshi Sanmilani

অসম ভিত্তিত কোচসকলক জনজাতিকৰণৰ দাবী তুলিছে কোচ ৰাজবংশী সন্মিলনীয়ে (Koch Rajbongshi Sanmilani)৷ সন্মিলনীৰ সভাপতি বৈষ্ণব কোচে কয় যে প্ৰতিখন চৰকাৰেই তেওঁলোকক প্ৰত্যাৰণা কৰি আহিছে ৷ আনহাতে পৃথক কমতাপুৰ ৰাজ্য (Kamtapur state) কোচসকলৰ অধিকাৰ বুলিও দাবী কৰে ৷

কোচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল

গুৱাহাটী, ২৩ জানুৱাৰী : ‘‘কমতাপুৰ আমাৰ অধিকাৰ, আমাৰ দাবী ৷ কমতাপুৰ আমাক লাগিবই ৷ সমগ্ৰ বিষয়টো আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে’’৷ এই মন্তব্য কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বৈষ্ণৱ কোচৰ ৷ সোমবাৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে দিছপুৰ প্ৰেছ ক্লাৱত(Dispur Press Club) সম্বোধন কৰা সংবাদমেলত এইদৰে মন্তব্য কৰে ৷

বৈষ্ণৱ কোচে লগতে কয় যে, কমতাপুৰ বিষয়টো কেন্দ্ৰ চৰকাৰৰ বিচাৰধীন বিষয় ৷ পৃথক কমতাপুৰ ৰাজ্য বিষয়টোত কেন্দ্ৰ চৰকাৰৰ সদিচ্ছা আছে ৷ সেই বিষয়টো ৰাজ্য চৰকাৰে ৰাইজৰ আগত শুদ্ধকৈ প্ৰকাশ কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী তথা আন প্ৰভাৱশালী মন্ত্ৰীসকলে উপলুঙাসূচক মন্তব্য কৰি ভুল কৰিছে ৷ প্ৰতিখন চৰকাৰে জনজাতীয় মৰ্যদাৰ পৰা কোচ ৰাজবংশীসকলক বঞ্চিত কৰিছে বুলি মন্তব্য কৰে সংবাদ মেলখনৰ জৰিয়তে ৷

কোচ ৰাজবংশী সন্মিলনীয়ে (Koch Rajbongshi Sanmilani) কয় যে, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিৰ্বাচনৰ পূৰ্বে তদানীন্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ছয় জনগোষ্ঠীয় দল-সংগঠনৰ আলোচনা হৈছিল ৷ ছয় জনগোষ্ঠীৰ দল-সংগঠনৰ পৰা প্ৰতিবেদনো লোৱা হৈছিল ৷ সেই প্ৰতিবেদনৰ ভিত্তিত ছয় জনজাতিক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু প্ৰতিশ্ৰুতি পালন নকৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷

সেয়েহে শীঘ্ৰে অসম ভিত্তিত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবলৈ দাবী জনায় সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে ৷ উল্লেখ্য যে, অবিভক্ত গোৱালাপাৰা দিলাত কোচসকলক জনজাতিকৰণ কৰি আন অঞ্চলৰ কোচসকলক জনজাতিকৰণ নকৰাৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ কোচ ৰাজবংশী উন্নয়ণৰ বাবে গঠন কৰা উন্নয়ণ পৰিষদ ভংগ কৰি নতুনকৈ গঠন কৰিব লাগে ৷ উপগ্ৰহীয় পদ্ধতিৰে কমতাপুৰক স্বায়ত্তশাসন দিবলৈ দাবী জনায় কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে ৷

আলোচনাৰ নামত আলোচনা নহয়, অতিশীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বৈঞ্চব কোচে ৷ আনহাতে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেচনৰ নেতা জীৱন সিংহসহ (KLO chief Jiban Singha) সংগঠনটোৰ কেইবাজনো নেতা মুকলিলৈ অহাৰ প্ৰসংগত তেওঁ কয় যে জীৱন সিংহই কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিবাচক বাৰ্তা লাভ কৰিহে আহিছে ৷

এতিয়াও বহু কে এ অ’ সদস্য হাবিত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে, যদিহে আলোচনা অথবা কোনো সিদ্ধান্ত লাভ নকৰে তেন্তে সংবিধান অনুসৰি কে এল অ’এ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক: Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.