Irrigation Project Jonai : জোনাইত জলসিঞ্চন আঁচনিৰ শ্মশানযাত্ৰা

By

Published : Nov 17, 2022, 3:48 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

জোনাইত জলসিঞ্চন আঁচনিৰ শ্মশানযাত্ৰা (cremation procession of Irrigation scheme in Jonai) । ভূত বাংলালৈ পৰ্যবসিত হৈছে জোনাইৰ জলসিঞ্চন প্ৰকল্প । জোনাই মহকুমাত সকলোবোৰ জলসিঞ্চন আচঁনি মাথোঁ নামতহে আছে, কামত হ'লে একো নাই ৷ কৃষিপ্ৰধান জোনাই মহকুমাৰ ৰাইজক পানী যোগান ধৰিবলৈ স্থাপন কৰা এই আচঁনিসমূহ ঘন জংঘলেৰে আৱৰি ধৰাত বৰ্তমান এৰাবাৰীত পৰিণত হৈছে (Jonai Irrigation scheme poor condition) ৷ লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা জোনাইৰ এই জলসিঞ্চন আঁচনিৰ প্ৰকল্পসমূহ স্থাপন কৰাৰে পৰাই কোনো ধৰণৰ কামত নহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কৃষিপ্ৰধান জোনাইৰ ৰাইজৰ খেতিপথাৰত আজি পৰ্যন্ত এটুপি পানী যোগান ধৰিব নোৱাৰিলে লাখটকীয়া এই জলসিঞ্চন আঁচনিসমূহে (failure of Irrigation project in Jonai) ৷ ইয়াৰ বিপৰীতে ব্যৱহাৰৰ নকৰাকৈ পেলাই থোৱাত গেলি-পচি যাবলৈ ধৰিছে প্ৰকল্পৰ সকলো আচবাব ৷ আনহাতে, প্ৰকল্পৰ সকলো যন্ত্ৰপাতি তথা আহিলা বিভাগটোৱে উঠাই লৈ যোৱাৰো অভিযোগ ৰাইজৰ ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

TAGGED:

ASC10072

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.