Sentence in a minor rape case: কোকৰাঝাৰত নাবালিকা ধৰ্ষণৰ গোচৰৰ শাস্তিৰ ৰায়দান

By

Published : Feb 4, 2023, 11:11 AM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

কোকৰাঝাৰ,৪ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি চলি আছে বাল্য বিবাহ বিৰোধী অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰ বিশেষ আদালতে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়দান । ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে শুকুৰবাৰে কোকৰাঝাৰ বিশেষ আদালতে নাবালিকা ধৰ্ষণৰ এক গোচৰৰ বিপৰীতে শাস্তিৰ ৰায়দান ঘোষণা কৰে(Verdict on punishment in Kokrajhar rape case) । কোকৰাঝাৰ জিলাৰ এগৰাকী নাবালিকাক চাৰে চাৰি বছৰ পূৰ্বে ফুচুলাই নি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাত ধৰ্ষণ কৰিছিল(Rape case in Kokrajhar) ।

উক্ত ঘটনাৰ গোচৰত অভিযুক্ত হৈছিল ছাদ্দাম শ্বেখ, মজিবুৰ ৰহমান আৰু ফৰিজুল হ’ক নামৰ তিনিজন লোকৰ লগতে আবেদা বিবি নামৰ এগৰাকী মহিলা । এই জঘন্য ঘটনাৰ শুকুৰবাৰে ৰায়দান কৰে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ জয়দেৱ কোচৰ বিশেষ আদালতে(Verdict sentencing of rape case in Kokrajhar)। অভিযুক্ত ছাদ্দাম শ্বেখ, মজিবুৰ ৰহমান, ফৰিজুল হ’ক আৰু আবেদা বিবিক কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে (Sentence in a minor rape case) ।

এই ঘটনা সন্দৰ্ভত ছাদ্দাম শ্বেখক দহ বছৰ সশ্ৰম কাৰাদণ্ড আৰু বিশ হাজাৰ টকাৰ জৰিমনা, জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ কাৰাদণ্ড বিহাৰ লগতে আন তিনিজনক পাঁচ বছৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকাৰ জৰিমনা বিহে(Verdict sentenced to 4 in rape case) ৷ জৰিমনা ধন অনাদায় থাকিলে অতিৰিক্ত পাঁচ মাহ কাৰাদণ্ড খাটিব লাগিব বুলি ৰায়দানত উল্লেখ কৰে ৷ 

উল্লেখ্য যে, ২০১৮ চনৰ ১৬ জুলাইত গোসাইগাঁৱত থানাত ৰজু হোৱা ধৰ্ষণ আৰু POCSO (Protection of Children from Sexual Offences Act 2012) গোচৰ নং ২৮৪/১৮ অনুসৰি অভিযুক্ত মজিবুৰ ৰহমান, ফৰিজুল হ’ক আৰু আবেদা বিবিয়ে চুবুৰীয়া গাঁৱৰ এগৰাকী নাবালিকাক ফুৰিবলৈ ফুচুলাই নি গোসাইগাঁৱৰ বাছ আস্থানত ছাদ্দাম শ্বেখ নামৰ এগৰাকী লোকক চমজাই দিছিল আৰু ছাদ্দাম শ্বেখে নাবালিকাগৰাকীক কোচবিহাৰলৈ নি ধৰ্ষণৰ এক ঘূণনীয় কাৰ্য কৰিছিল । 

লগতে পঢ়ক: Child marriage in Assam: এগৰাকী গৰ্ভৱতী পত্নীয়ে মুখ্যমন্ত্ৰীলৈ কৰা কাতৰ আহ্বানে সকলোকে কৰি তুলিলে আবেগিক

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.