Amrit Sarovar at Majuli: মাজুলীত অমৃত সৰোবৰত দুৰ্নীতি

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 11:15 AM IST

thumbnail

মাজুলী,২২ অক্টোবৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবিৰতভাৱে চলি আছে অমৃত সৰোবৰৰ কাম । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীতো চলি আছে অমৃত সৰোবৰৰ কাম । পিছে ২০২২ বৰ্ষতে মাজুলীত আৰম্ভ হোৱা অমৃত সৰোবৰৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।  

মাজুলীৰ প্ৰথমটো অমৃত সৰোবৰত এতিয়া ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰঙাচাহি পঞ্চায়তৰ অন্তৰ্গত পহুমৰা গাঁৱত ৭ বিঘা মাটিত ১১ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা অমৃত সৰোবৰত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । সৰোবৰ নিৰ্মাণত দুৰ্নীতি হোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । নাথ উপাধিৰ এগৰাকী ঠিকাদাৰে মইমতালিৰে বিলখনৰ চাৰিটা পাৰ বান্ধি দুটা কিস্তিৰ ধন মোকলাই নিয়ে বুলি জানিব পৰা গৈছে ।  

পাৰ কেইটা বন্ধাই বিলখনৰ মাজৰ অংশ চাফা নকৰাকৈ নখন্দাকৈ দুটা কিস্তিৰ ধন মোকলাই নিয়ে ঠিকাদাৰে । অন্যহাতে অমৃত সৰোবৰৰ কাম সম্পূৰ্ণ নকৰাকৈ পাৰত বেৰাৰ কাম ঠিকাদৰে আৰম্ভ কৰিছে । যাৰ বাবে জিলা প্ৰশাসনে ইয়াৰ ওপৰত এক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Fire break out in Jania: জনীয়াত অগ্নিকাণ্ডত ভস্মীভূত 6 লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.