Fire break out in Jania: জনীয়াত অগ্নিকাণ্ডত ভস্মীভূত 6 লক্ষাধিক টকাৰ সম্পত্তি

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:37 AM IST

thumbnail

জনীয়া, 22 অক্টোবৰ: জনীয়াৰ সালেকুৰাত ভয়াৱহ অগ্নিকাণ্ড । বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সালেকুৰা গাঁৱৰ লাল মাহমুদৰ ঘৰত শনিবাৰৰ বিয়লি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ঘৰত কোনো নথকা অৱস্থাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । 

স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত নগদ ধন, প্ৰমাণ-পত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ডসহ আনুমানিক প্ৰায় 6 লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয় । একমাত্ৰ কৃষি কাৰ্য কৰি কোনোমতে দিন পাৰ কৰা দুৰ্ভগীয়া পৰিয়ালটোৱে সকলো হেৰুৱাই এতিয়া চৰকাৰৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি কাতৰ আহ্বান জনাইছে । অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৱে চপাই থোৱা ধানো হেৰুৱায় বুলি জানিব পৰা গৈছে ৷

ইফালে অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী পলমকৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা অগ্নিনিৰ্বাপন বাহিনীৰ কাৰ্যালয়ৰ দূৰত্ব বেছি হোৱাৰ বাবে জনীয়াতো অগ্নিনিৰ্বাপন বাহিনীৰ কাৰ্যালয় স্থাপনৰ দাবী জনায় সচেতন ৰাইজে ।

লগতে পঢ়ক: Durga Puja 2023 : যোৰহাট জীৱন্ত ৰূপত প্ৰতিষ্ঠা দেৱী দুৰ্গাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.