ETV Bharat / state

Durga Puja 2023 : যোৰহাট জীৱন্ত ৰূপত প্ৰতিষ্ঠা দেৱী দুৰ্গাক

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 9:33 PM IST

Durga Puja Celebration in Jorhat
ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ

যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত পূজাত জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰা হ’ল দেৱী দুৰ্গাক ৷ জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰা প্ৰতিমাই যোৰহাটবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

জীৱন্ত ৰূপত প্ৰতিষ্ঠা দেৱী দুৰ্গাক

যোৰহাট, 21 অক্টোবৰ : আজি মহাসপ্তমী ৷ ৰাজ্যত উৎসৱমুখৰ পৰিৱেশ ৷ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ সীমাহীন আনন্দ-উল্লাস ৷ পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু ঢাক-ঢোলৰ শব্দত মুখৰিত ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷ আটক ধুনীয়াকৈ বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ সমূহত দেৱী দুৰ্গাৰ আশিস বিচাৰি ভক্তৰ লানি নিছিগা সোঁত বৈছে ৷ আকৰ্ষণীয় ৰূপত সজাই তোলা পূজা মণ্ডপ সমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে মণ্ডপ সমূহত পৰিলক্ষিত হৈছে অগণন ভক্তৰ ভিৰ ৷

সপ্তমী পূজাৰ দিনা যোৰহাটত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ ৷ কাৰণ যি সময়ত ৰাজ্যত দেৱী দুৰ্গাক আৰধনাৰ নামত অঘোষিত প্ৰতিযোগিতা চলিছে, সেই সময়ত অধ্যাত্মিকতা বৰ্তাই ৰাখি যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় প্ৰাংগনত জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰা হ’ল দেৱী দুৰ্গাক ৷ দেৱী দুৰ্গাৰ লগতে গণেশ, কাৰ্তিক, সৰস্বতীকো জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰা হ’ল মণ্ডপত ৷ যোৰহাটৰ ব্ৰহ্মাকুমাৰী সমাজে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷

জীৱন্ত প্ৰতিমা দৰ্শন কৰিবলৈ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে যোৰহাটবাসী ৰাইজ উপস্থিত হয় মণ্ডপত ৷ এই ব্যতিক্ৰমী তথা জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰা প্ৰতিমাই যোৰহাটবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে দুৰ্গোৎসৱৰ সময়ছোৱাত আইন-শৃংখলা পৰিস্থিতি যাতে বিঘ্নিত নহয় তাৰ বাবে পূজা মণ্ডপত ব্যৱহাৰ কৰা হৈছে চি চি টিভি কেমেৰা ৷ লগতে ভক্তপ্ৰেমী ৰাইজে যাতে দুৰ্গা পূজা উপভোগ আৰু দেৱীৰ আশীস লোৱাৰ সময়ত কোনো বিশৃংখল আৰু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰে বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ ইফালে এই সময়ছোৱাত আৰক্ষীৰ বিশেষ টহলৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : Durga Puja 2023 : দূৰদৰ্শন-ৰেডিঅ'ৰ আৰ্হিৰে ছাত্ৰীবাৰীৰ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.