ETV Bharat / state

Durga Puja 2023 : দূৰদৰ্শন-ৰেডিঅ'ৰ আৰ্হিৰে ছাত্ৰীবাৰীৰ পূজা

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 8:03 PM IST

Durga Puja 2023
ছাত্ৰীবাৰীৰ পূজা মণ্ডপ

মহানগৰীৰ বিভিন্ন প্ৰান্তত জাক-জমকতাৰে আয়োজন কৰা হৈছে দুৰ্গোৎসৱৰ ৷ দূৰদৰ্শন আৰু ৰেডিঅ'ক আৰ্হি হিচাবে লৈ এইবাৰ ছাত্ৰীবাৰীত অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা ৷

মহানগৰীত উছৱ মুখৰ পৰিৱেশ

গুৱাহাটী, 21 অক্টোবৰ : বিল্ববোধনৰ পিছতে শুকুৰবাৰে পৰম্পৰাগত ৰীতি-নীতিৰে বেদীত প্ৰতিষ্ঠা হ'ল দেৱী দুৰ্গাক ৷ আজি মহাসপ্তমী পূজা ৷ আজি কালৰাত্ৰিৰ ৰূপত পূজিত কৰা হৈছে দেৱী দশভুজাক ৷ বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ নৱ পত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ ৷

দুৰ্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে পৰিলক্ষিত হৈছে এক উখল-মাখল পৰিৱেশ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা পূজাস্থলী সমূহত দেৱী দুৰ্গাৰ আশিস লবলৈ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ আটকধুনীয়াকৈ সজাই তোলা, বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপ সমূহে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷ ঠায়ে ঠায়ে একোটা নিৰ্দিষ্ট বিষয় প্ৰতিফলিত কৰি পূজা মণ্ডপ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ৷

মহানগৰীতো শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উছৱমুখৰ পৰিৱেশ ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তত জাক-জমকতাৰে আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ ৷ পূজা মণ্ডপ সমূহত দেবীৰ আশিস ল’বলৈ ভিৰ কৰিছে মহানগৰীৰ বাসিন্দাই ৷

প্ৰায় 15 লাখ টকাৰ বাজেটেৰে এইবাৰ নিৰ্মাণ কৰা হৈছে ছাত্ৰীবাৰীৰ পূজা মণ্ডপ ৷ দূৰদৰ্শন আৰু ৰেডিঅ'ক আৰ্হি হিচাবে লৈ এইবাৰ ছাত্ৰীবাৰীত অনুষ্ঠিত কৰা হৈছে দুৰ্গা পূজা ৷ লগতে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে দেৱী দুৰ্গাৰ মূৰ্তি ৷ দূৰদৰ্শন আৰু ৰেডিঅ'ক সেউজীয়া স্মৃতি হিচাবে লৈ মণ্ডপৰ চৌপাশ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৷

লগতেই ৰখা হৈছে টেপ ৰেকৰ্ডাৰ, গ্ৰাম'ফোন, কেছেট আদিকে ধৰি সংগীতৰ লগত জড়িত বিভিন্ন বাদ্য-যন্ত্ৰ ৷ অংকন কৰা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, লতা মংগেশকাৰ, কিশোৰ কুমাৰ আদিকে ধৰি স্বনামধন্য শিল্পী সকলৰ ছবি ৷ মূলত পূজা মণ্ডপত পুৰণি স্মৃতি জীপাল কৰা লগতে ছাত্ৰ-ছাত্ৰী সকলক কিছু জ্ঞান দিয়াৰ উদ্দেশ্য পূজা সমিতিৰ ৷ মহানগৰী ভিন্ন প্ৰান্তৰ লগতে ছাত্ৰীবাৰীতো ভিৰ কৰিছে অগণন ভক্তই ৷

লগতে পঢ়ক : Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.