এপিডিচিএলৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ গ্ৰাহকৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:51 PM IST

thumbnail

কৰিমগঞ্জ, 27 ডিচেম্বৰ : গ্ৰাহকে প্ৰহাৰ কৰি আহত কৰিলে এপিডিচিএলৰ কৰ্মচাৰীক ৷ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ গ্ৰাহকৰ হাতত প্ৰহৃত হ’ল এপিডিচিএলৰ কৰ্মচাৰী ৷ কৰিমগঞ্জৰ ফকিৰাবজাৰৰ পুৰাহুৰিয়াত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷

জানিব পৰা মতে কৰিমগঞ্জ সদৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আলফাজ গণি গ্ৰাহকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈ এই ঘটনা সংঘটিত হয় ৷ কৰিমগঞ্জ ফকিৰাবজাৰৰ পুৰাহুৰিয়াৰ গ্ৰাহক ৰাজু আহমেদ নামৰ ব্যক্তিজনৰ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল ভুক্তভোগী কৰ্মচাৰীজন ৷  

দীৰ্ঘদিন ধৰি ৰাজু আহমেদে বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবে লগতে বিভাগীয় কোনো জাননীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে কৰ্মচাৰীজনক এপিডিচিএল কৰ্তৃপক্ষৰ তৰফৰ পৰা পৰা গ্ৰাহকজনৰ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ পঠোৱা হৈছিল ৷ বুধবাৰে দুপৰীয়া অভিযুক্ত ৰাজু আহমেদৰ ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ যাওঁতে কৰ্মচাৰী আলফাজ গণিৰ মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত হয় ৷ ইয়াতেই ক্ষান্ত নাথাকি অভিযুক্ত গ্ৰাহকজনে চোকা অস্ত্ৰ লৈ গুৰুতৰভাৱে আহত কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীকজনক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে তেওঁক উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ 

লগতে পঢ়ক : নগাঁও আৰক্ষী অধীক্ষকৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই দালাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.