Poor Road Condition:ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাৰাশাস্তি ভোগ জনতাৰ

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:31 AM IST

thumbnail

যোৰহাট, 5 অক্টোবৰ : ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অকৰ্মণ্যতাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সাধাৰণ ৰাইজে ৷ এই অভিযোগ বৰ্তমান সৰ্বত্ৰে উত্থাপিত হৈ আছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সোপা ঢিলা নীতিৰ বাবে বিধ্বস্ত ৰূপ লৈছে দেৰগাঁৱৰ সদাব্যস্ত লক্ষ্মীনাথ ফুকন পথৰ লাহতি চাৰিআলি অংশই ।

অভিযোগ অনুসৰি, লেহেমীয়া কাম আৰু ৰাস্তা নিৰ্মাণৰ সকলো নীতি নিয়ম জলাঞ্জলি দি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি থকা ৰাস্তাটো এজাক বৰষুণতে বোকাময় হৈ পৰাৰ লগতে একাঠু পানীৰে ভৰ্তি হৈ পৰে ৷ সেই ৰাস্তাটোত এতিয়া মৰণক শৰণ দি দৈনিক নিজ নিজ কামত যাতায়ত কৰিবলগা হৈছে শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন লোকে ।

আনহাতে পানীৰে পৰিপূৰ্ণ হৈ থকা পথটোত জে চি বি ৰ সহায়ত পানী সিঁচাটোৱে সকলোৰে চকু কপালত তুলিছে । কৰ্তৃপক্ষৰ এনে কাণ্ডত ৰাইজ ক্ষোভিত হৈ পৰিছে । চাৰিলেনযুক্ত ৰাস্তা নিৰ্মাণ কৰা কৰ্তৃপক্ষৰ এনে কৰ্ম কাণ্ডৰ বাবে উক্ত পথৰ এই অংশটোত দৈনিক সৰু বৰ দুৰ্ঘটনা হয় বুলি অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Poor Road Condition in Duliajan : পথ নিৰ্মাণৰ দাবীত দুলীয়াজানত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.