ৰশ্নি শ্বাহৰ সন্ধান বিচাৰি ডুমডুমাত কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:53 PM IST

thumbnail

তিনিচুকীয়া, ২৮ নৱেম্বৰ : আকৌ প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমা ৷ কিয়নো আজি পৰ্যন্ত সন্ধান নাই ডুমডুমাৰ ৯ বছৰীয়া কিশোৰী ৰশ্নি শ্বাহৰ । তথ্য অনুসৰি, দুৰ্গা পূজাৰ দশমীৰ দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকী ৷ 

সন্ধানহীন কিশোৰীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী ৷ এই অভিযোগ পৰিয়াল তথা বিভিন্ন দল-সংগঠনৰ ৷ বিগত দিনসমূহত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি অহাৰ সমান্তৰালভাৱে ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ।

কাকপথাৰ মহিলা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত ৰূপাইবাসী ৰাইজৰ সহযোগত ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সাব্যস্ত কৰে প্ৰতিবাদ । এই প্ৰতিবাদৰ জৰিয়তে সন্ধানহীন ৰশ্নি শ্বাহৰ সন্ধান উলিওৱাত আৰক্ষী-প্ৰশাসন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.