MLA Rakibul Hussain : অসমত হিমন্ত চৰকাৰ শীঘ্ৰে ভংগ হ’ব নেকি !

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 4:52 PM IST

thumbnail

ডিব্ৰুগড়, 7 ছেপ্টেম্বৰ : হেৰুওৱা গণ ভেঁটি ঘুৰাই আনিবলৈ উজনি অসমত ‘‘বাগিচাই বাগিচাই কংগ্ৰেছ’’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে । কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শাসক দলৰ নেতা মন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে । কংগ্ৰেছৰ নেতা কৰ্মীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ককাই-ভাই বুলি কোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ । ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া ভয় খাইছে । মুখ্যমন্ত্ৰীৰ মন বেয়া হৈ আছে এই কেইদিন ৷ সেয়ে কংগ্ৰেছক ককাই-ভাই বুলি কৈছে । অসমৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ পলিচি মেকিং সমিতিত নল'লে । কেন্দ্ৰীয় চৰকাৰে ‘‘ওৱান নেশ্যন ওৱান ইলেকচন’’ আৰম্ভ কৰি অসমৰ চৰকাৰ ভাঙি দিয়াৰ পৰিকল্পনা কৰিছে ’’ এই মন্তব্য বিধায়ক ৰকিবুল হুচেইনৰ ৷  

আনহাতে মূল্যবৃদ্ধিৰ প্ৰসংগত হুছেইনে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে পাঁচ বছৰৰ চাৰি বছৰ মানে কৰ বৃদ্ধি কৰি ৰাইজক শোষণ কৰাৰ কথা ভাবে । মুখ্যমন্ত্ৰীয়ে এতিয়া বিদ্যুতৰ দাম বঢ়াইছে ৷  চুবুৰীয়ে চুবুৰীয়ে মদৰ দোকান খুলিছে ৷ চাউল, তেলৰ দাম বৃদ্ধি কৰিছে । আজি কালি তেওঁৰ মুখখন দেখিলে সোমবাৰেও দেওবাৰ দেওবাৰ যেন লাগে ৷

লগতে পঢ়ক:Paban Singh Ghatowar Reaction: প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা ঘাটোৱাৰৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.