ETV Bharat / state

Paban Singh Ghatowar Reaction: প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা ঘাটোৱাৰৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:05 PM IST

‘‘বাগানে বাগানে কংগ্ৰেছ’’ কাৰ্যসূচীত পুনৰ অথন্তৰ ৷ পৱন সিং ঘাটোৱাৰে সভাত ভাষণ দি থকা সময়তে মঞ্চৰ সন্মুখলৈ গৈ প্ৰতিবাদ মহিলাৰ ৷ ‘‘বিজেপিয়ে ধন দি একাংশ দুস্কৃতিকাৰীক কংগ্ৰেছৰ সভাত উশৃংখল কৰিবলৈ লগাইছে ৷’’ এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰৰ ৷

Paban Singh Ghatowar Reaction
প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ

প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ

ডিব্ৰুগড়, 6 আগষ্ট : মৰাণত অনুষ্ঠিত কংগ্ৰেছৰ "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হয় ৷ মৰাণৰ খোৱাং চাহ বাগিচাত মঙলবাৰে সন্ধিয়া চলি থকা সভাৰ মাজতে মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙত সোমবাৰে কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাচতে পুনৰ মৰাণৰ খোৱাং চাহ বাগিছা প্ৰেক্ষাগৃহত সংঘটিত হয় উত্তপ্ত পৰিস্থিতি ৷

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে সভাত ভাষণ দি থকা সময়তে মঞ্চৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই । বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ কাৰ্যক সমালোচনা কৰি মঞ্চত ভাষণ দি থকাৰ সময়তে মহিলাগৰাকী মঞ্চৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কৰা মহিলাক উদ্দেশ্যি মঞ্চৰ পৰাই কঠোৰ বাক্যবাণ নিক্ষেপ কৰিছিল পৱন সিং ঘাটোৱাৰে ৷ ‘‘বিজেপিৰ হৈ দালাল কৰিবলৈ নাহিবি ৷ তই যা !’’ প্ৰতিবাদ কৰা মহিলাক মঞ্চৰ পৰাই খঙৰ ভমকতে এই নিৰ্দেশ দিয়ে কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ৷

এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৱন সিং ঘাটোৱাৰৰে । ‘‘বিজেপিয়ে ধন দি একাংশ দুস্কৃতিকাৰীক কংগ্ৰেছৰ সভাত উশৃংখল কৰিবলৈ লগাইছে । জিলা প্ৰশাসনৰ অনুমতি লৈ কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰা হৈছে ৷ কিন্তু একাংশই কংগ্রেছৰ সভাত উশৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । এতিয়া বিজেপিৰ মন্ত্ৰী বিধায়কৰ ধন সম্পত্তি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷’’ এই মন্তব্য পৱন সিং ঘাটোৱাৰৰ ৷

ইফালে উক্ত সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপৰিও মঞ্চত উপস্থিত আছিল কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপ- দলপতি ৰকিবুল হুচেইন, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদকা ৰ'জলিনা তিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ৱ ভট্টাচাৰ্যকে ধৰি বহুসংখ্যক শীৰ্ষ নেতা ৷

লগতে পঢ়ক :Tense situation prevail at Congress meeting:ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.