ETV Bharat / state

Tense situation prevail at Congress meeting:ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:47 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মহিলাই মঞ্চৰ সন্মুখত চিঞৰি চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Tense situation prevailed at Congress meeting at Khowang tea estate
মহিলাই মঞ্চৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে

কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 5 ছেপ্টেম্বৰ : কংগ্ৰেছৰ বাগিচাই বাগিচাই কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত আৰম্ভ হৈছে এটাৰ পাচত আন এটা অথন্তৰ । সোমবাৰে টিংখাঙত সংঘটিত ঘটনা আজি পুনৰ সংঘটিত হ'ল ডিব্ৰুগড়ৰ খোৱাঙতো । মৰাণৰ খোৱাং চাহ বাগিচাত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ প্ৰদান কৰি থাকোতেই মহিলাই মঞ্চৰ সন্মুখত চিঞৰি চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মঙলবাৰে মৰাণ সমষ্টিত "বাগানে বাগানে কংগ্ৰেছ" শীৰ্ষক কাৰ্যসূচীৰ সামৰণিত খোৱাং চাহ বাগিচাত অনুষ্ঠিত কৰা সভাত এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ তীব্ৰ অস্বস্তিত দেখিবলৈ পোৱা গ’ল কংগ্ৰেছৰ নেতৃত্বক ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ নেতাসকলৰ উপস্থিতিত খোৱাং চাহ বাগিচাত বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীত এই ঘটনা সংঘটিত হয় ।

উল্লেখ্য যে সোমবাৰে টিংখাঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ নেতাসকলৰ উপস্থিতিত টিংখাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল "বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী । সেই সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ দি থকা অৱস্থাতে বিজেপিৰ একাংশ সমৰ্থকে পৱন সিং ঘাটোৱাৰক কংগ্ৰেছৰ দিনত কিমান উন্নয়ন হৈছিল বুলি প্ৰশ্ন কৰিছিল ।

হঠাৎ এনেদৰে প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰিছিল মঞ্চত উপস্থিত কংগ্ৰেছৰ নেতা সকল । ইয়াৰ পাচতে বিজেপিৰ সমৰ্থকসকলে মঞ্চৰ সন্মুখতে বিজেপি জিন্দাবাদ ধ্বনি প্ৰদান কৰিছিল । এনে পৰিস্থিতিত দুয়োপক্ষৰ মাজত প্ৰথমে বাক-বিতণ্ডা হোৱাৰ লগতে হতাহতিৰ সৃষ্টি হয় । ইয়াৰ পিচত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । মুঠৰ ওপৰত কংগ্ৰেছৰ বাগিচাই বাগিচাই শীৰ্ষক কাৰ্যসূচীত ঘটিছে এটাৰ পাচত আন এটা অথন্তৰ ।

লগতে পঢ়ক : Karnataka Model in Assam: কংগ্ৰেছ চৰকাৰ আহিলে কৰ্ণাটক চৰকাৰৰ মডেলৰ দৰে হ’ব অসমত চৰকাৰ; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.