Srinivas BV in Guwahati : অংকিতা দত্তই তৰা গোচৰ সন্দৰ্ভত গুৱাহাটীত শ্ৰীনিবাস বি ভি

By

Published : May 22, 2023, 1:15 PM IST

thumbnail

গুৱাহাটী,২২ মে': কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত অসমৰ যুৱ নেত্ৰী অংকিতা দত্তই দাখিল কৰা নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস ভদ্ৰৱতী ভেংকটা সোমবাৰে গুৱাহাটীত উপস্থিত হয় (Srinivas BV at LGBI airport Guwahati)। শ্ৰীনিবাস বিভি পুৱাই গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । গুৱাহাটীত ধাৰা ১৪৪ বলবৎ হৈ থকাৰ মাজতে বিমানবন্দৰত কংগ্ৰেছ কৰ্মীসকল উপস্থিত হৈ তেওঁক উষ্ম আদৰণি জনায় ।

কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতাই তেওঁক আদৰণি জনোৱাৰ লগতে সংগ দিয়ে । ইফালে গুৱাহাটীত উপস্থিত হৈয়ে শ্ৰীনিবাসে পানবজাৰ মহিলা আৰক্ষী থানাত হাজিৰ হয় । তাৰ পৰা শ্ৰীনিবাসে পোনে পোনে চিআইডি কাৰ্যালয়ত হাজিৰ হয় ।

উল্লেখ্য যে এপ্ৰিল মাহত অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল (Angkita Dutta harassment case against Srinivas)। অংকিতা দত্তৰ গোচৰটো খাৰিজ কৰিবলৈ শ্ৰীনিবাসে আদালতত আবেদন জনাইছিল যদিও সেই আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল ।

লগতে পঢ়ক :Angkita Dutta case : গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা শ্ৰীনিবাসৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.