ETV Bharat / state

Angkita Dutta case : গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা শ্ৰীনিবাসৰ

author img

By

Published : May 5, 2023, 2:56 PM IST

Angkita Dutta case
গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে শ্ৰীনিবাসে

গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ ৷ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে শ্ৰীনিবাসৰ জামিন আবেদন (Srinivas BV bail rejected in Ankita Dutta case) ৷

গুৱাহাটী, 5 মে’ : শুক্ৰবাৰে অংকিতা দত্তৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে নাপালে কোনো সকাহ । শুকুৰবাৰে শ্ৰীনিবাসৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । লগতে কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত অসমৰ যুৱ নেত্ৰী অংকিতা দত্তৰ গোচৰটো শ্ৰীনিবাসে খাৰিজ কৰাৰ বাবে আদালতত কৰা আবেদনখনো আদালতে খাৰিছ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতে শ্ৰীনিবাসৰ জামিন আবেদন আৰু গোচৰটো খাৰিজ কৰা আবেদন নাকচ কৰে (Srinivas BV bail rejected in Ankita Dutta case) ।

মনকৰিবলীয়া যে যোৱা 23 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিবাসে অংকিতাৰ এজাহাৰ খাৰিজ কৰিবলৈ আবেদন জনাইছিল । লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ সন্দৰ্ভত শ্ৰীনিবাসে আগতীয়কৈ জামিন বিচাৰি আবেদন কৰিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ আদালতে শ্ৰীনিবাসৰ জামিন আবেদনৰ শুনানী গ্ৰহণ কৰি সংশ্লিষ্ট গোচৰটোৰ লগত কোনো ৰাজনৈতিক সম্পৰ্ক নাই বুলি উল্লেখ কৰে । অভিযোগকাৰী আৰু অভিযুক্ত দুয়োজন একেটা দলৰ সদস্য বুলিও কয় ন্যায়াধীশগৰাকীয়ে (Angkita Dutta harassment case against Srinivas) ।

আবেদনকাৰীক আগতীয়া জামিনৰ বিশেষাধিকাৰ প্ৰদান কৰা উচিত নহয় বুলি শুনানীত উল্লেখ কৰা হয় । কৰ্ণাটক নিম্ন আদালতত জামিন বিচাৰি মুখ থেকেচা খোৱাৰ পিচত শ্ৰীনিবাস গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছিল । উল্লেখ্য যে, কংগ্ৰেছৰ পৰা সদ্য বহিষ্কৃত অসমৰ যুৱ নেত্ৰী অংকিতা দত্তৰ গোচৰ সন্দৰ্ভত জামিন বিচাৰি কৰ্ণাটকৰ নিম্ন আদালতত আবেদন জনাইছিল শ্ৰীনিবাসে ৷ কিন্তু 28 এপ্ৰিলত কৰ্ণাটক নিম্ন আদালতে শ্ৰীনিবাসৰ জামিন আবেদন নাকচ কৰিছিল (Angkita Dutta allegation against Srinivas BV)।

উল্লেখযোগ্য যে যোৱা 2 মে'ত দিশপুৰ থানাত হাজিৰ হ’বলৈ অসম আৰক্ষীয়ে শ্ৰীনিবাসক ইতিমধ্যে কৰ্ণাটকলৈ গৈ চমন জাৰি কৰি থৈছিল ৷ অসম আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (পূৱ গুৱাহাটী) মৈত্ৰেয়ী ডেকাই যোৱা 23 এপ্ৰিলত কৰ্ণাটকৰ শ্ৰীনিবাসৰ বাসগৃহত এই জাননী জাৰি কৰিছিল ৷ নিৰ্দেশ অনুযায়ী শ্ৰীনিবাসে যোৱা 2 মে'ত দিছপুৰ থানাত হাজিৰ হ'ব লাগিছিল যদিও শ্ৰীনিবাস দিছপুৰ থানাত হাজিৰ নহ'ল । যাৰ বাবে আৰক্ষীয়ে আদালতৰ অনুমতি সাপেক্ষে পুনৰ শ্ৰীনিবাসলৈ জাননী জাৰি কৰিছিল ।

ইপিনে প্ৰয়োজনত আৰক্ষীয়ে শ্ৰীনিবাসক গ্ৰেপ্তাৰ কৰিব পাৰিব বুলি আদালতৰ শুনানীত উল্লেখ কৰে । লক্ষণীয় যে শ্ৰীনিবাসে আৰক্ষীৰ তলব আওকাণ কৰি আগতীয়া জামিন‌ আবেদন আদালতত দাখিল কৰিছিল । ইতিমধ্যে যোৱা 2 মে'ত আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিছে ।

লগতে পঢ়ক : Angkita Dutta Harassment Case : বিপদ বাঢ়িছে শ্ৰীনিবাসৰ, কৰ্ণাটকত জামিন আবেদন নাকচ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.